ষ্ট্ৰেইট অৱ হৰমুজ অৱৰোধৰ পূৰ্বে খাৰুৱা তেলে প্ৰতি বেৰেলত ১০৪ ডলাৰ অতিক্ৰম
নতুন দিল্লী, ১৩ এপ্ৰিল(হি.স.)। পশ্চিম এছিয়াত চলি থকা সংকট আৰু আমেৰিকা আৰু ইৰাণৰ মাজত চুক্তি অবিহনে শান্তি আলোচনা সমাপ্ত হোৱাৰ ফলত খাৰুৱা তেলৰ মূল্যত প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে হৰমুজ জলদ্বীপলৈ জাহাজৰ প্ৰৱেশ বন্ধ কৰাৰ বাবে পদক
कच्चे तेल के लोगो का प्रतीकात्मक चित्र


নতুন দিল্লী, ১৩ এপ্ৰিল(হি.স.)। পশ্চিম এছিয়াত চলি থকা সংকট আৰু আমেৰিকা আৰু ইৰাণৰ মাজত চুক্তি অবিহনে শান্তি আলোচনা সমাপ্ত হোৱাৰ ফলত খাৰুৱা তেলৰ মূল্যত প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে হৰমুজ জলদ্বীপলৈ জাহাজৰ প্ৰৱেশ বন্ধ কৰাৰ বাবে পদক্ষেপ লোৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছত সোমবাৰে খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১০৪ ডলাৰ অতিক্ৰম কৰে।

আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ৰ আৰম্ভণিতে ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য প্ৰায় ৮ শতাংশ বৃদ্ধি পাই প্ৰতি বেৰেলত ১০৪ ডলাৰ অতিক্ৰম কৰাৰ বিপৰীতে আমেৰিকাৰ বেঞ্চমাৰ্ক পশ্চিম টেক্সাছ ইণ্টাৰমিডিয়েট (ডব্লিউ টি আই) খাৰুৱা তেলৰ মূল্য ৮.৬১ শতাংশ বৃদ্ধি পাইছে। বৰ্তমান ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১০২.৩ ডলাৰ, ৭.০৭ ডলাৰ বা ৭.৪৩ শতাংশ বৃদ্ধি। একেদৰে ডব্লিউ টি আই খাৰুৱা তেলৰ মূল্য ৮.৩২ ডলাৰ বা ৮.৬২ শতাংশ বৃদ্ধি পাই ১০৪.২ ডলাৰ হৈছে।

বিশেষজ্ঞসকলে কয় যে যুদ্ধবিৰতিৰ পূৰ্বৰ অৱস্থালৈ ঘূৰি আহিছে তেল বজাৰ। পাৰ্থক্য মাথোঁ এইটোৱেই যে আমেৰিকাই এতিয়া ইৰাণৰ তেল ৰপ্তানিত বাধা দিবলৈ ওলাইছে। হৰমুজ জলদ্বীপৰ মাজেৰে জাহাজ চলাচল বন্ধ হোৱাৰ বাবে উপসাগৰীয় দেশসমূহে নিজৰ তেল ৰপ্তানি কৰিব পৰা নাই। ইয়াকে বিশ্বৰ সৰ্ববৃহৎ তেল সংকট বুলি গণ্য কৰা হৈছে। ইৰাণে দৈনিক ২০ লাখ বেৰেল তেল ৰপ্তানি কৰিছিল। যদিহে হৰমুজ জলদ্বীপ বন্ধ হৈ থাকে তেন্তে বিশ্বজুৰি খাৰুৱা তেলৰ যোগান আৰু কঠিন হৈ পৰিব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande