
মৰিগাঁও, ১৩ এপ্ৰিল (হি.স.)। অভাৱেই যে আৱিষ্কাৰৰ মূল তাক আকৌ এবাৰ প্ৰমাণ কৰি দেখুৱালে মৰিগাঁও জিলাৰ মায়ঙৰ এখন ভিতৰুৱা গাঁৱৰ এজন নৱম শ্ৰেণীলৈ পঢ়া যুৱকে। ইৰান, আমেৰিকা আৰু ইজৰাইলৰ মাজত অব্যাহত যুদ্ধৰ পৰিপ্ৰেক্ষিতত ভাৰততো ৰন্ধন গেছৰ নাটনি হব নেকি,তাক লৈ ৰাইজৰ মাজত যোৱা কিছুদিন ধৰি হাহাকাৰ লাগি থকা সময়তে মৰিগাঁও জিলাৰ মায়ঙৰ হছনা বজাৰৰ এজন যুৱকে উদ্ভাৱন কৰিলে ৰন্ধন গেছৰ বিকল্প এটা গেছ আৰু চৌকা। নিজৰ ৱেলডিং দোকানতে বাংলাদেশৰ এটা আৰ্হি লৈ নিজ হাতেৰে নিৰ্মাণ কৰি উলিয়াই দিলে হানিফ আলী নামৰ যুৱক জনে ৰন্ধন গেছৰ বিকল্প।
পোৰা মবিল আৰু ডিজেল ৰ দ্বাৰাই চলাব পাৰি এই চৌকা। ৰন্ধন গেছৰ দৰেই জুই আৰু ধোৱা। অতি কম খৰছত গাগলমাৰী হছনা বজাৰৰ হানিফ আলীয়ে উলিয়াই দিছে বজাৰত এইবিধ গেছ। ইতিমধ্যে অসমৰ বিভিন্ন স্থানৰ গ্ৰাহকৰ পৰা ব্যাপক সমাদৰ লাভ কৰিছে।
প্ৰতিদিনে ৩০/৪০ টাকৈ অৰ্ডাৰ আহিছে। ফোন ৰিচিভ কৰি আহৰি পোৱা নাই হানিফে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা