
এপ্ৰিল মাহৰ ১৪ তাৰিখটো ইতিহাসৰ বহু উল্লেখযোগ্য ঘটনাৰ বাবে জনাজাত। এফালে এই দিনটো ভাৰতৰ সংবিধানৰ মহান সমাজ সংস্কাৰক আৰু স্থপতি ড° ভীমৰাও আম্বেদকাৰৰ জন্ম বাৰ্ষিকী হিচাপে পালন কৰা হয়। আনহাতে, এই তাৰিখত আমেৰিকাৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনক হত্যা কৰা হয়।
১৮৯১ চনত মধ্যপ্ৰদেশৰ মহৌ (বৰ্তমান ড° আম্বেদকাৰ নগৰ)ত জন্মগ্ৰহণ কৰা ড° আম্বেদকাৰে গোটেই জীৱন সামাজিক সমতা আৰু ন্যায়ৰ বাবে যুঁজিছিল। দলিত পৰিয়ালত জন্মগ্ৰহণ কৰা তেখেতে সৰুৰে পৰা বৈষম্যৰ সন্মুখীন হৈছিল। কিন্তু শিক্ষা আৰু সংগ্ৰামৰ জৰিয়তে তেওঁ সমাজত উল্লেখযোগ্য পৰিৱৰ্তন আনিবলৈ কাম কৰিছিল। তেওঁৰ এই প্ৰচেষ্টাই দেশৰ দলিতসকলৰ বাবে সামাজিক আৰু আইনী অধিকাৰ সুৰক্ষিত কৰিছিল। তেখেতৰ জন্মদিন সমগ্ৰ ভাৰতবৰ্ষতো সমতা দিৱস আৰু জ্ঞান দিৱস হিচাপে পালন কৰা হয়।
ড° আম্বেদকাৰে ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত কৰাত মুখ্য ভূমিকা পালন কৰিছিল আৰু ইয়াক সৰ্বাংগীন আৰু ন্যায্য নথি হিচাপে গঢ়ি তোলাত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। তেওঁৰ ধাৰণাবোৰে সমাজখনক সমতা আৰু অধিকাৰৰ প্ৰতি জাগ্ৰত কৰি ৰাখিছে।
১৮৬৫ চনৰ ১৪ এপ্ৰিলত ফৰ্ডৰ থিয়েটাৰ প্ৰেক্ষাগৃহত আব্ৰাহাম লিংকনৰ ওপৰত গুলীচালনা কৰা হয়। তেওঁ আৱাৰ আমেৰিকান কাজিন নামৰ নাটক এখন উপভোগ কৰি আছিল। আক্ৰমণকাৰী জন উইলকেছ বুথে বেলকনিৰ পৰা পিছফালৰ পৰা গুলীচালনা কৰি পলায়ন কৰে।
পিছদিনা লিংকনৰ মৃত্যু হয়, আনহাতে কেইদিনমান পিছত আমেৰিকান সৈন্যৰ গুলিত আক্ৰমণকাৰী নিহত হয়। এই ঘটনাক আমেৰিকাৰ ইতিহাসৰ অন্যতম বৃহৎ ৰাজনৈতিক হত্যাকাণ্ড বুলি গণ্য কৰা হয়।
এইদৰে এফালে ১৪ এপ্ৰিলৰ তাৰিখটোৱে আমাক সামাজিক ন্যায় আৰু সমতাৰ প্ৰতীক ড° আম্বেদকাৰৰ কথা মনত পেলাই দিয়ে আৰু আনফালে বিশ্ব ইতিহাসৰ এক কৰুণ পৰিঘটনাকো মূৰ্ত কৰি তুলিছে।
গুৰুত্বপূৰ্ণ পৰিঘটনা
১৪৩৪ - ফ্ৰান্সৰ বিশ্ববিখ্যাত চেণ্ট পিটাৰ কেথেড্ৰেলৰ আধাৰশিলা স্থাপন কৰা হয়।
১৬৫৯ - আজিৰ দিনটোতে দিল্লী নিয়ন্ত্ৰণৰ যুদ্ধত দাৰাক পৰাস্ত কৰে ঔৰংজেবে।
১৮০৯ - নেপোলিয়নে বাভাৰিয়া যুদ্ধত অষ্ট্ৰিয়াক পৰাস্ত কৰে।
১৮১৪ - নেপোলিয়নক সিংহাসনৰ পৰা বঞ্চিত কৰা হয়।
১৮৬৫ - ৱাশ্বিংটনৰ ফৰ্ড থিয়েটাৰত আমেৰিকাৰ ১৬ সংখ্যক ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ ওপৰত গুলীচালনা কৰা হয়। পিছদিনা তেওঁৰ মৃত্যু হয়।
১৯০০ - পেৰিছ বিশ্ব প্ৰদৰ্শনী মুকলি হয়।
১৯১২ - ব্ৰিটিছ বিলাসী ক্ৰুজাৰ টাইটানিক জাহাজ খনৰ এখন বৰফৰ পাহাৰৰ সৈতে সংঘৰ্ষ হয়।
১৯৫৮ - ছোভিয়েট উপগ্ৰহ স্পুটনিক ২ উৎক্ষেপণৰ ১৬২ দিনৰ পিছত ধ্বংস হয়।
১৯৮১ - প্ৰথমখন মহাকাশযান কলম্বিয়া ১ পৃথিৱীলৈ উভতি আহে।
১৯৮৮ - ছোভিয়েট ইউনিয়নে জেনেভাত আমেৰিকা, পাকিস্তান আৰু আফগানিস্তানৰ সৈতে চুক্তি স্বাক্ষৰ কৰি আফগানিস্তানৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰিবলৈ সন্মত হয়।
১৯৯৫ - ভাৰতে চতুৰ্থবাৰৰ বাবে এছিয়া কাপ ক্ৰিকেট চেম্পিয়নশ্বিপ লাভ কৰে।
১৯৯৫ - ইউক্ৰেইনৰ চেৰ্নোবিল পাৰমাণৱিক শক্তি কেন্দ্ৰ ২০০০ চনৰ ভিতৰত বন্ধ হোৱাৰ কথা ঘোষণা কৰা হয়।
১৯৯৯ - মালয়েছিয়াৰ পদচ্যুত উপ-প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমক দুৰ্নীতিৰ অপৰাধত ৬ বছৰৰ কাৰাদণ্ড বিহা হয়।
২০০০ - ৰাছিয়াৰ সংসদে আমেৰিকা আৰু ৰাছিয়াৰ মাজত ষ্টাৰ্ট-২ (START-2) পাৰমাণৱিক অস্ত্ৰ হ্ৰাস চুক্তিত অনুমোদন জনায়।
২০০২ - আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ত বিচাৰৰ সন্মুখীন হোৱা এজন ছাৰ্বিয়ান নেতাৰ মৃত্যু হয়।
২০০৩ - ইজৰাইলৰ প্ৰধানমন্ত্ৰী এৰিয়েল শ্বেৰনে পশ্চিম পাৰৰ পৰা কিছুমান ইহুদী বসতি আঁতৰাবলৈ সন্মত হয়।
২০০৪ - আমেৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ বুছে ঘোষণা কৰে যে তেওঁ ইৰাকক আন এখন ভিয়েটনাম হ’বলৈ নিদিয়ে।
২০০৫ - ভাৰত আৰু আমেৰিকাই নিজৰ নিজৰ আকাশমাৰ্গ ইজনে সিজনৰ বিমান সংস্থাৰ বাবে মুকলি কৰাৰ কথা ঘোষণা কৰে।
২০০৬ - চীনত প্ৰথম বৌদ্ধ বিশ্ব সন্মিলন আৰম্ভ হয়।
২০০৮ - উত্তৰ প্ৰদেশ চৰকাৰে পশ্চিম উত্তৰ প্ৰদেশৰ ভৌগোলিক মানচিত্ৰ নিৰ্মাণৰ কথা ঘোষণা কৰে। দামোদৰ ভেলী কৰ্পৰেশ্যন (ডিভিচি)ৰ কোডাৰমা তাপ শক্তি প্ৰকল্পৰ পৰা কিৰ্লোস্কাৰ ব্ৰাদাৰ্ছে ১৬৬ কোটি ₹ (১৬৬.৭৭ মিলিয়ন টকা) মূল্যৰ অৰ্ডাৰ লাভ কৰে।
২০০৮ - ভাৰতৰ কলকাতা আৰু বাংলাদেশৰ ঢাকাৰ মাজত ১৯৬৫ চনৰ পিছত প্ৰথমবাৰৰ বাবে যাত্ৰীবাহী ৰে'ল সেৱা আৰম্ভ হয়।
২০০৮ - ইজিপ্তৰ চিনাই উপদ্বীপত ৰোমান সম্ৰাট ভেলেন্সৰ সময়ৰ প্ৰাচীন মুদ্ৰা উদ্ধাৰ কৰা বুলি পুৰাতত্ত্ববিদসকলে দাবী কৰে।
২০১০ - পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড, আৰু ওড়িশাত ঘূৰ্ণীবতাহৰ ফলত ১২৩ জন লোকৰ মৃত্যু হয়।
২০১০ - চীনৰ কিংহাইত ৬.৯ প্ৰাবল্যৰ ভূমিকম্পৰ সৃষ্টি হয়। প্ৰায় ২৭০০ লোকৰ মৃত্যু হয়।
২০১০ - আইচলেণ্ডৰ এটা আগ্নেয়গিৰিৰ পৰা ওলোৱা ক'লা ধোঁৱাই উত্তৰ আৰু মধ্য ইউৰোপৰ বিমান পৰিবহণত ব্যাঘাত জন্মায়।
২০১১ - ৰাষ্ট্ৰীয় নিৰাপত্তা সূচকাংক (এন এছ আই)ৰ শেহতীয়া সমীক্ষাত ভাৰতে বিশ্বৰ পঞ্চম শক্তিশালী দেশৰ স্থান লাভ কৰে। এই তালিকাত আমেৰিকাই প্ৰথম, আৰু চীন দ্বিতীয় স্থান লাভ কৰে। জাপান আৰু ৰাছিয়াই ক্ৰমে তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰে।
২০১৪ - ইছলামিক সংগঠন বকো হাৰামে নাইজেৰিয়াৰ চিবোকৰ এখন বৰ্ডিং স্কুলৰ পৰা ২৭৫ গৰাকী ছোৱালীক অপহৰণ কৰে।
জন্ম
১৮৬২ - আজিৰ দিনটোতে প্ৰভাশংকৰ পাটনী - গুজৰাটৰ বিশিষ্ট জনকৰ্মী।
১৮৯১ - ভীমৰাও আম্বেদকাৰ
১৯০৭ - আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী পুৰণচন্দ যোশী।
১৯১৯ - শ্বামছাদ বেগম - হিন্দী ছবিৰ বিখ্যাত নেপথ্য গায়িকা ।
১৯২০ - গৱৰী দেৱী - ৰাজস্থানৰ বিখ্যাত মাণ্ড গায়িকা।
১৯২২ - আজিৰ দিনটোতে আলী আকবৰ খান - বিখ্যাত ভাৰতীয় সংগীতজ্ঞ আৰু সৰোদ বাদক।
১৯৪০ - কবি আৰু সাহিত্যিক অৱতাৰ অংগিল।
১৯৫৪ - হিমাচল প্ৰদেশৰ পৰা ললিতা বকিল - শিপিনী আৰু সমাজকৰ্মী।
১৯৫৭ - কে শিৱন - ভাৰতীয় মহাকাশ বিজ্ঞানী।
মৃত্যু
১৮৫৯ - আজিৰ দিনটোতে জামছেদজী জিজাভাই, ব্যৱসায়ৰ জৰিয়তে অতি ধনী হৈ পৰা আৰু এজন দানবীৰ আছিল।
১৯৫০ - ৰমনা মহৰ্ষি - বিংশ শতিকাৰ মহান সাধু আৰু সমাজকৰ্মী।
১৯৬২ - ভাৰতৰ এজন মহান অভিযন্তা আৰু কূটনীতিবিদ মোক্ষগুণ্ডম বিশ্বেশ্বৰেয়া।
১৯৬৩ - ৰাহুল সাংকৃত্যয়ন - এজন বিশিষ্ট হিন্দী সাহিত্যিক।
১৯৮৬ - নীতিন বসু - এজন বিখ্যাত চলচ্চিত্ৰ পৰিচালক, চিনেমাটোগ্ৰাফাৰ, আৰু লেখক।
২০০২ - আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ত বিচাৰৰ সন্মুখীন হোৱা ছাৰ্বিয়ান নেতাৰ মৃত্যু হয়।
২০১৭ - গিৰিশ চন্দ্ৰ চাক্সেনা - জম্মু-কাশ্মীৰৰ ৰাজ্যপাল।
২০২২ - মঞ্জু সিং - ভাৰতীয় হিন্দী চিনেমাৰ এগৰাকী সুপৰিচিত অভিনেত্ৰী আৰু লগতে এগৰাকী ভাল প্ৰযোজক।
গুৰুত্বপূৰ্ণ অনুষ্ঠান
- ড° ভীমৰাও আম্বেদকাৰ জয়ন্তী।
- অগ্নিনিৰ্বাপক দিৱস।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া