চিটিয়াছ ট্ৰেন্সনেট ইনভেষ্টমেণ্ট ট্ৰাষ্টৰ আই পি অ’ ১৭ এপ্ৰিলত মুকলি, প্ৰতি শ্বেয়াৰৰ মূল্য বেণ্ড ₹৯৯–১০০
নতুন দিল্লী, ১৩ এপ্ৰিল (হি.স.)। চিটিয়াছ ট্ৰেন্সনেট ইনভেষ্টমেণ্ট ট্ৰাষ্টৰ প্ৰাৰম্ভিক পাব্লিক অফাৰিং (আইপিঅ’) ১৭ এপ্ৰিলত মুকলি হ’ব।বিনিয়োগকাৰীয়ে ২১ এপ্ৰিললৈকে নিবিদা দিব পাৰিব । প্ৰতি শ্বেয়াৰৰ মূল্য বেণ্ড ₹৯৯–১০০ নিৰ্ধাৰণ কৰা হৈছে। ২৯ এপ্ৰিলত বিএ
आईपीओ के लॉन्चिंग पर पूर्णकालिक निदेशक श्रीकुमार चत्रा, सुश्री सुजया मोघेपाध्य और अन्य


নতুন দিল্লী, ১৩ এপ্ৰিল (হি.স.)। চিটিয়াছ ট্ৰেন্সনেট ইনভেষ্টমেণ্ট ট্ৰাষ্টৰ প্ৰাৰম্ভিক পাব্লিক অফাৰিং (আইপিঅ’) ১৭ এপ্ৰিলত মুকলি হ’ব।বিনিয়োগকাৰীয়ে ২১ এপ্ৰিললৈকে নিবিদা দিব পাৰিব । প্ৰতি শ্বেয়াৰৰ মূল্য বেণ্ড ₹৯৯–১০০ নিৰ্ধাৰণ কৰা হৈছে। ২৯ এপ্ৰিলত বিএছই আৰু এনএছইত তালিকাভুক্ত হ’ব ইয়াৰ শ্বেয়াৰ।

সোমবাৰে চিটিয়াছ ট্ৰেন্সনেট ইনভেষ্টমেণ্ট ট্ৰাষ্টে ঘোষণা কৰে যে প্ৰতিটো শ্বেয়াৰৰ মূল্য বেণ্ড ₹৯৯–১০০ নিৰ্ধাৰণ কৰা হৈছে। এই আই পি অ’ৰ পৰা কোম্পানীটোৱে ₹১,১০৫ কোটি টকা সংগ্ৰহ কৰাৰ পৰিকল্পনা কৰিছে। কোম্পানীটোৰ মতে, আই পি অ’ৰ শ্বেয়াৰ আবণ্টন ২৪ এপ্ৰিলৰ ভিতৰত চূড়ান্ত হ’ব, আনহাতে চিটিয়াছ ট্ৰেন্সনেট ইউনিটসমূহ ২৯ এপ্ৰিলৰ পৰা ষ্টক এক্সচেঞ্জত ব্যৱসায়ৰ বাবে উপলব্ধ হ’ব।

চিটিয়াছ ট্ৰেন্সনেট ইনভেষ্টমেণ্ট ট্ৰাষ্টে ইছ্যুৰ পৰা লাভ কৰা নিকা উপাৰ্জনৰ ১০০০ কোটি ₹ পৰ্যন্ত ব্যৱহাৰ কৰি এছ আৰ পি এল ৰোডছ প্ৰাইভেট লিমিটেড আৰু কিছুমান চিনাক্তকৃত প্ৰকল্প এছ পি ভি যেনে থ্ৰিছুৰ এক্সপ্ৰেছৱে লিমিটেড, যোৰাবাট শ্বিলং এক্সপ্ৰেছৱে লিমিটেড, ধোলা ইনফ্ৰা প্ৰজেক্টছ প্ৰাইভেট লিমিটেড, আৰু দিবাং ইনফ্ৰা প্ৰজেক্টছ প্ৰাইভেট লিমিটেডৰ ছিকিউৰিটি আংশিক বা সম্পূৰ্ণৰূপে অধিগ্ৰহণ কৰিব, আনহাতে বাকী ধন ব্যৱহাৰ কৰা হ’ব সাধাৰণ উদ্দেশ্যৰ বাবে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande