
কাংকেৰ, ১৩ এপ্ৰিল (হি.স.)। ছত্তীশগড় জিলাৰ কাংকৰ জিলাৰ নক্সাল ক্ষতিগ্ৰস্ত ছোটেবেঠিয়া অঞ্চলৰ অৰণ্যত সোমবাৰে পুৱা আৰক্ষী আৰু নক্সালবাদীৰ মাজত সংঘটিত হোৱা সংঘৰ্ষত নিহত হয় ৫ লাখ টকা পুৰস্কাৰ ঘোষিত প্ৰতাপপুৰ আঞ্চলিক সমিতিৰ সদস্য ‘ৰূপী’ নামৰ এগৰাকী সক্ৰিয় মহিলা নক্সালবাদী। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো। ঘটনাস্থলীৰ পৰা এটা ৰিভলভাৰো উদ্ধাৰ কৰা হৈছে ।
ছোটেবেঠিয়া অঞ্চলত নক্সালবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰে নিৰাপত্তা বাহিনীয়ে। ইয়াৰ পিছতে এটা বিশেষ দলে অনুসন্ধান অভিযান আৰম্ভ কৰে। বনাঞ্চলত ঘেৰাওৰ সময়ত হঠাৎ নক্সালবাদীয়ে গুলীচালনা কৰে, যাৰ ফলত নিৰাপত্তা বাহিনীয়ে প্ৰতিশোধ ল’বলৈ বাধ্য হয়। এই এনকাউণ্টাৰত নিহত মহিলা নক্সালবাদী ৰূপী। এই ঘটনা সংঘটিত হৈছে চৰকাৰে ছত্তীশগড়ক অস্ত্ৰধাৰী মাওবাদীৰ পৰা মুক্ত ঘোষণা কৰাৰ মাত্ৰ ১২ দিনৰ পাছত।
কাংকেৰৰ আৰক্ষী অধীক্ষক নিখিল ৰাখেচাই এই এনকাউণ্টাৰ নিশ্চিত কৰি কয় যে নক্সালবাদীসকলক বাৰে বাৰে আত্মসমৰ্পণৰ সুযোগ দিয়া হৈছিল। এই এনকাউণ্টাৰৰ পিছতে অঞ্চলটোত তালাচী অভিযান তীব্ৰতৰ কৰা হৈছে। তেওঁ কয় যে অঞ্চলটোত আন নক্সালবাদী উপস্থিত থাকিব পাৰে, আৰু তেওঁলোকক ধৰিবলৈ বা নিষ্ক্ৰিয় কৰাৰ বাবে অভিযান অব্যাহত আছে। হিংসাৰ পথ পৰিত্যাগ কৰিবলৈ অস্বীকাৰ কৰাসকলৰ বিৰুদ্ধেও একেধৰণৰ কঠোৰ ব্যৱস্থা অব্যাহত থাকিব বুলি তেওঁ সকীয়াই দিয়ে।
নিহত নক্সালবাদীজন ৰাতাপুৰ আঞ্চলিক সমিতিৰ সক্ৰিয় সদস্য ৰূপী ৰেড্ডী বুলি চিনাক্ত কৰা হৈছে। দীৰ্ঘদিন ধৰি নিৰাপত্তা সংস্থাৰ ৰাডাৰত আছিল তাই। বাস্তৰ অঞ্চলৰ প্ৰায়বোৰ জ্যেষ্ঠ নক্সালবাদীক হত্যা বা আত্মসমৰ্পণ কৰাৰ পিছত তাইক অন্যতম গুৰুত্বপূৰ্ণ সক্ৰিয় কেডাৰ হিচাপে গণ্য কৰা হৈছিল। ৰূপহী আছিল ৰাজ্যিক সমিতিৰ সদস্য (এছ চি এম) বিজয় ৰেড্ডীৰ পত্নী। ৰাজনান্দগাঁও আৰু মোহলা-মানপুৰ-চৌকী জিলাত সংঘটিত হোৱা এনকাউণ্টাৰত নিহত হয় এছচিএম বিজয় ৰেড্ডী। আৰক্ষী বিষয়াৰ মতে, বিজয় ৰেড্ডীৰ পত্নী ৰূপীয়ে উত্তৰ বাষ্টাৰ আৰু কাংকেৰত নক্সালবাদীক আত্মসমৰ্পণ কৰাত বাধা দি আছিল।
মন কৰিবলগীয়া যে আৰক্ষী আৰু প্ৰশাসনে দীৰ্ঘদিন ধৰি নক্সালবাদীক আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ ঘূৰি আহিবলৈ উৎসাহিত কৰি আহিছিল। চৰকাৰেও ৩১ মাৰ্চৰ ভিতৰত আত্মসমৰ্পণৰ বিশেষ সুযোগ আগবঢ়াইছিল যদিও ৰূপীকে ধৰি বহু সক্ৰিয় নক্সালবাদীয়ে এই আহ্বানক আওকাণ কৰিছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া