
তামুলপুৰ, ১৩ এপ্ৰিল (হি.স.)। তামুলপুৰ জিলাৰ মটঙাচকত ১১ এপ্ৰিলৰ পৰা অনুষ্ঠিত হোৱা তিনিদিনীয়া ব’হাগী মেলা তথা বৈসাগু মেলাৰ আজি সফল সামৰণি পৰে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ তামুলপুৰ জিলা গোটৰ উদ্যোগত আয়োজিত এই মেলাত জিলা খনৰ অন্তৰ্গত তামুলপুৰ, নাগ্ৰীজুলি আৰু গোৰেশ্বৰ উন্নয়ন খণ্ডৰ আত্মসহায়ক গোটসমূহে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।
উক্ত মেলাত তিনিওটা উন্নয়ন খণ্ডৰ গোটসমূহে তেওঁলোকৰ থলুৱা উৎপাদিত সামগ্ৰী, হস্তশিল্প আৰু পৰম্পৰাগত খাদ্যসম্ভাৰৰ প্ৰদৰ্শনী তথা বিক্ৰীৰে মেলাথলী জীপাল কৰি তোলে। বিশেষকৈ বিহু আৰু বৈসাগুক কেন্দ্ৰ কৰি গঢ়ি উঠা এই সাংস্কৃতিক মিলনভূমিত স্থানীয় শিপিনী আৰু উদ্যমী মহিলা সকলৰ উৎপাদনে দৰ্শকৰ বিশেষ সমাদৰ লাভ কৰা পৰিলক্ষিত হয়।
আজিৰ সামৰণি অনুষ্ঠানত তিনিওটা খণ্ডৰ পৰা অহা শিল্পী সকলৰ বিহু আৰু বৈসাগু নৃত্যৰ নান্দনিক পৰিৱেশনে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহযোগত অনুষ্ঠিত এই মেলাই জিলা খনৰ গ্ৰামীণ অৰ্থনীতি সবল কৰাৰ লগতে বিভিন্ন জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধৰ এক নতুন নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে বুলি উদ্যোক্তা সকলে মত প্ৰকাশ কৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা