
শোণিতপুৰ, ১৩ এপ্ৰিল (হি.স.)। বালিপৰাত বিহু কৰ্মশালাৰ সামৰণি অনুষ্ঠান , ১১ বহাগত মুকলি বিহু l শোণিতপুৰৰ বালিপৰাত সদৌ বালিপৰা ৰঙালী বিহু সন্মিলনৰ উদ্যোগত বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা বিহু কৰ্মশালাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হৈ যায় । ১০ দিনীয়া কৰ্মশালাত কেইবাগৰাকীও অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰদান কৰা প্ৰশিক্ষণ কৰ্মশালাত ১২০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে।
ইয়াৰ উপৰিও পহিলা বহাগত পতাকা উত্তোলন , ১০ বহাগত মৌ কুঁৱৰী প্ৰতিযোগিতাত আৰু ১১ বহাগত মুকলি বিহু অনুষ্ঠিত কৰা হ'ব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে । উদযাপন সমিতিয়ে সকলো ৰাইজৰ সহযোগিতা একান্তভাৱে কামনা কৰিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু