
শোণিতপুৰ, ১৩ এপ্ৰিল (হি.স.)। তেজপুৰৰ বালিপুখুৰী তিনিআলিৰ স্থানীয় মহিলা সকলৰ একত্ৰিত প্ৰচেষ্টাত আয়োজিত ১৫ দিনীয়া বিহু নাচ আৰু ঢোল বাদনৰ প্ৰশিক্ষণ কৰ্মশালাৰ আজি সোমবাৰে সফল পৰিসমাপ্তি ঘটিছে ৷ আজিৰ এই সামৰণি অনুষ্ঠানত বিহু নাচৰ কৰ্মশালাত অংশ গ্ৰহণ কৰা ৫৮ গৰাকী কিশোৰী আৰু ঢোলৰ প্ৰশিক্ষণ লোৱা ১৪ জন কিশোৰে তেওঁলোকৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰে ৷
উল্লেখযোগ্য যে, কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ আৰম্ভণিতে হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ ইয়াৰ পাছতে প্ৰশিক্ষণ লোৱা ঢুলীয়া সকলে ঢোল বাদন কৰাৰ লগতে নাচনী সকলে বিহু নাচ প্ৰদৰ্শন কৰে৷ইয়াত সকলো প্ৰশিক্ষাৰ্থীক একোখনকৈ প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়৷আনহাতে,এইবাৰ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই তিনিআলি আঞ্চলিক ৰঙালী বিহু সন্মিলনে সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
এইখন বিহু সন্মিলনে এইবাৰ কেৱল মুকলি বিহু প্ৰতিযোগিতাহে অনুষ্ঠিত কৰিব বুলি সদৰি কৰি মুকলি প্ৰতিযোগিতা খনত প্ৰথম শ্ৰেষ্ঠ দলক নগদ ৫০ হেজাৰ টকা, দ্বিতীয় শ্ৰেষ্ঠ দলক ৩০ হেজাৰ টকা আৰু তৃতীয় শ্ৰেষ্ঠ দলক নগদ ২০ হেজাৰ টকা আৰু শৰাই জাপিৰে পুৰস্কৃত কৰা হ'ব বুলি প্ৰকাশ কৰাৰ লগতে শ্ৰেষ্ঠ বিহুৱতী, শ্ৰেষ্ঠ নামতী, শ্ৰেষ্ঠ ঢুলীয়াকো নগদ ধন, শৰাই আৰু মান পত্ৰৰে পুৰস্কৃত কৰা হ'ব বুলি প্ৰকাশ কৰা হৈছে ৷
উল্লেখযোগ্য যে,এইখন বিহু সন্মিলনৰ বাবে ইতিমধ্যে মৃন্ময় মেধিক সভাপতি, প্ৰসন্ন কটকী আৰু সপোন পটংগীয়াক যুটীয়া সম্পাদক হিচাপে লৈ এখন ৩১ জনীয়া উদযাপন সমিতি গঠন কৰা হৈছে ৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ