
নগাঁও, ১৩ এপ্ৰিল (হি.স.)। সাতামপুৰুষীয়া পৰম্পৰা ৰক্ষাৰ মাজতো জুবিন গাৰ্গৰ ন্যায়ৰ দাবী । জুবিন বিহীন বিহু যেন অসহনীয়। তথাপিও ঐতিহ্য, পৰম্পৰা ৰক্ষা কৰি ৰাইজে পাতিব বিহু। সেয়ে বিলৰ পাৰত প্ৰানৰ শিল্পী গৰাকীৰ প্ৰতিচ্ছৱি স্থাপন কৰি বন্তি প্ৰজ্বলন কৰি বিহুৰ পৰম্পৰা পালন কৰি জয় জুবিন দা শ্লোগান দিয়ে। আজি উৰুকা উপলক্ষে জাকৈ, খালৈ, পল, চেপা, খ'খা, জাল আদি হাতে হাতে লৈ মাছ ধৰিবলৈ নমা অগনন লোকৰ উপস্থিতিৰে মুখৰিত হৈ পৰে বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত দীঘলী বিল।
উল্লেখ্য যে প্ৰায় দুশ বছৰ ধৰি বহাগ বিহুৰ উৰুকাৰ দিনা নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ ৰাইজে মাজগাঁও, চকলাঘাট আৰু সোনাইৰ মাজত অৱস্থিত দীঘলী বিলত পৰম্পৰাগত ভাৱে পালন কৰি আহিছে এই সমূহীয়া মাছ ধৰা উৎসৱ। বটদ্রৱাৰ জাজৰি, নসত্ৰ, ৰাইডঙীয়া, কাছমাৰী, পুখুৰীপাৰ, মাজগাঁও, কুজিদাহ, দলংঘাট, গাখজুৱা, বৰচিলা, শিমলুগুৰি, নভেটি, দীঘলীপাৰ, বৰডুবিয়া আইভেটি, খৌৰামোচৰ, দৰঙীয়াল, খাটোৱাল গাঁও, ক্ষেত্ৰী গাঁও, গজপুৰীয়া, হাতীচোং, গেদাৰবড়ি ব্ৰাক্ষ্মণ গাঁও আদি বিভিন্ন গাঁৱৰ পৰা দীঘলী বিললৈ মাছ ধৰিবলৈ আৰু মাছ ধৰাৰ মনোৰম দৃশ্য উপভোগ কৰিবলৈ অহা অগনন গঞা ৰাইজৰ উপস্থিতিৰে ঐতিহ্যমণ্ডিত দীঘলী বিলৰ পাৰত এক উদুলি মুদুলি পৰিবেশ সৃষ্টি হয়।
জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সমবেত হোৱা ৰাইজে দীঘলী বিলক এক সমন্বয়ৰ থলীলৈ ৰূপান্তৰ কৰে। প্ৰকাশ থাকে যে স্বতঃস্ফুত আৰু ৰং ধেমালিৰ মাজেৰে ঐক্য সংহতিৰ উৎকৃষ্ট চানেকি দাঙি ধৰি গাৱঁৰ পুৰুষ মহিলা, ডেকা গাভৰুৰ বিলৰ পানীত নামে যদিও পূৰ্বৰ তুলনাত মাছৰ সংখ্যা ভালে সংখ্যক হ্ৰাস পোৱা দেখা যায়, কিন্তু ইয়াৰ বাবে কোনেওঁ দুখ প্ৰকাশ নকৰি উৰুকাৰ বহু আকাংক্ষিত এই দিনটোত দীঘলী বিলত পৰম্পৰাক জীপাল কৰি তোলে। আনকি বহুজন লোকে বিলৰ পাৰতেই বিহুগীত জুৰি নৃত্য গীতত মচগুল হৈ বিহুৰ আনন্দত মতলীয়া হৈ এক নান্দনিক পৰিবেশৰ সৃষ্টি কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা