
বৰপেটা, ১৩এপ্ৰিল (হি.স.)। বৰপেটা ৰোডত নগদ ধনসহ দুই চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ | ধৃত দুই চাইবাৰ অভিযুক্ত ৰাজু আহমেদ আৰু জাহিৰ আলম |
ইয়াৰে ৰাজু আহমেদৰ ঘৰ হাউলীৰ হাতীজানাত আৰু জাহিৰ আলমৰ ঘৰ মৈৰামৰা গাঁওত | বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য আৰু বৰপেটা ৰোড থানাৰ আৰক্ষী বিষয়া শ্যামল জ্যোতি শইকীয়াৰ যুটীয়া নেতৃত্বত চলা অভিযানত বৰপেটা ৰোডৰ ষ্টেট বেংকৰ সন্মুখৰ পৰা দুই অভিযুক্তক আটক কৰে আৰক্ষীয়ে ।
ধৃত দুই অভিযুক্তৰ পৰা আৰক্ষীয়ে নগদ ৬২,০০০ টকা এখন এটিএম (ATM) কাৰ্ড আৰু দুটা মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে । বৰপেটাৰোড আৰক্ষীয়ে ইতিমধ্যে দুয়োজনকে গ্ৰেপ্তাৰ কৰি নিজৰ জিম্মাত লৈছে আৰু এই চক্ৰটোৰ সৈতে আন কোনো জড়িত আছে নেকি সেই সন্দৰ্ভত অধিক তথ্য লাভৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা