পাঠশালাৰ অনাথ আশ্ৰম তপোবন শিশু গৃহৰ ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি
বৰপেটা, ১৩ এপ্ৰিল (হি.স.)। পাঠশালা অনাথ আশ্ৰম তপোবন শিশু গৃহৰ ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি | কাইলৈ গৰুবিহু। জুবিন গাৰ্গ বিহীন প্ৰথমটো বহাগ বিহু উদযাপন কৰিবলৈ প্ৰস্তুতি চলাইছে পাঠশালাৰ অনাথ আশ্ৰম তপোবন শিশু গৃহই | উক্ত অনাথ আশ্ৰমত প্ৰায় ৮০ জনৰো শাৰ
পাঠশালাৰ অনাথ আশ্ৰম তপোবন শিশু গৃহৰ ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি


বৰপেটা, ১৩ এপ্ৰিল (হি.স.)। পাঠশালা অনাথ আশ্ৰম তপোবন শিশু গৃহৰ ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি | কাইলৈ গৰুবিহু। জুবিন গাৰ্গ বিহীন প্ৰথমটো বহাগ বিহু উদযাপন কৰিবলৈ প্ৰস্তুতি চলাইছে পাঠশালাৰ অনাথ আশ্ৰম তপোবন শিশু গৃহই | উক্ত অনাথ আশ্ৰমত প্ৰায় ৮০ জনৰো শাৰিৰীকভাবে বিশেষ সক্ষম ছাত্ৰ ছাত্ৰী আছে |

বিগত ২০ টা বসন্ত এনেকৈ ৰঙালী বিহু আয়োজন কৰি আহিছে | হেঁপাহৰ ৰঙালীক আদৰিবলৈ ব্যস্ত সকলো। তাৰেই ভিতৰত বজালীৰ অন্যতম অনাথ আশ্ৰম তপোবন শিশুগৃহত ৰঙালী বিহুৰ ব্যতিক্ৰমী প্ৰস্তুতি | হুইল চকীত বহিও শাৰীৰিকভাবে বিশেষ সক্ষম অঞ্জলিও বিহু নৃত্য পৰিবেশন কৰিলে |

কলিকতাৰ স্বেচ্ছাসেৱী অনুষ্ঠান Central Commercial Industry of India Charitable Trustৰ কৰ্মকৰ্তা সকল আহি অনাথ শিশু সকলৰ সৈতে মত বিনিময় কৰাৰ লগতে কিছু খাদ্য সামগ্ৰী বিতৰণ কৰে ২০০৫ চনতে পাঠশালাত বিশিষ্ট কৃতি শিক্ষক কুমুদ কলিতাৰ নেতৃত্বত এজাক দিব্যাংগ শিশুক লগত লৈ এই তপোবন শিশুগৃহ নিৰ্মাণ কৰিছিল |

অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অনাথ শিশু সকলক নিজৰ সন্তান হিচাপে তুলি লৈ এই তপোবন নামৰ শিশু অনাথ আশ্ৰম খন আৰম্ভ কৰিছিল | সাম্প্ৰতিক সময় বিশিষ্ট শিক্ষাবিদ কুমুদ কলিতাই এই দিব্যাংগ শিশু সকলৰ সৈতে অতিবাহিত কৰি আহিছে সময়বোৰ | এয়া হৈছে কুমুদ কলিতাৰ মানবতাৰ এক উজ্বল নিদৰ্শন | সচাকৈয়ে মানবতা জীয়াই আছে নিজৰ ধন খৰছ কৰি পৰিচালনা কৰি আহিছে এই তপোবন শিশুগৃহ বিগত ২০ টা বছৰে |

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande