
গুৱাহাটী, ১৩ এপ্ৰিল (হি.স.)ঃ ৰাজ্যজুৰি এতিয়া ৰঙালী বিহুৰ উখল-মাখল পৰিৱেশ । অসমৰ জাতীয় উৎসৱ বাপতি সাহোন ৰঙালী বিহুক ৰং ৰইছৰ মাজত আদৰিবলৈ তথা উদযাপন কৰিবলৈ সাজু হৈছে ৰাজ্যবাসী। ৰঙালীৰ বতৰত গাঁৱে ভূঁঞে নগৰে চহৰে ৰাজ্যৰ চৌদিশ এতিয়া মুখৰিত হৈ পৰিছে ঢোল-পেঁপা-গগণাৰ গুমগুমনিৰ শব্দ। বিহুৱা ডেকা আৰু বিহুৱতীসকলৰ গাত তৎ নাইকীয়া হোৱাৰ লগতে সকলোতে মাথো এতিয়া বিহুৰ ব্যস্ততা। অকল সেয়াই নহয় আপোনজনক মৰমৰ উপহাৰ দিবলৈ ইতিমধ্যে গাঁৱৰ লগতে নগৰে চহৰে ভৰি পৰিছে বিহুৱান। চ’তৰ সংক্ৰান্তি (১৪ এপ্ৰিল)ৰ পৰা আৰম্ভ হোৱা যাউতিযুগীয়া পৰম্পৰাৰ অসমীয়াৰ অতি আদৰৰ এই বহাগ বিহুক আদৰিবলৈ বিভিন্ন বিহুতলীবোৰ সাজু হৈ উঠিছে।
ঋতুৰাজ বসন্তৰ পৰশত চিকুন হোৱা প্ৰকৃতিৰ মনোমোহা ৰূপৰ মাজতে আজি সোমবাৰে উৰুকা আৰু কাইলৈ মঙলবাৰে গৰু বিহুৰে অসমীয়াই আদৰিব হেঁপাহৰ ৰঙালী বিহুটিক ৷ ব’হাগ বিহুৰ প্ৰথম দিনটো পালন কৰা হয় গৰুবিহু ৰূপে। গৰু বিহুৰ দিনা ৰাতিপুৱাই উঠি নদীত বা খাল বিলত দীঘলতি আৰু মাখিয়তী, মাহ হালধিৰ মিহি মিশ্ৰন সানি লাও-বেঙেনা আদি ছটিয়াই বছৰটোলৈ শ্ৰীবৃদ্ধি কামনা কৰি গৰু-মহকে ধৰি পোহনীয়া জীৱ-জন্তুবোৰক ধুৱোৱা হ’ব। সন্ধিয়ালৈ গৰু-মহ-ছাগলীক মৰাপাটৰ নতুন পঘাৰে বিহুৱান দিয়াৰ নিয়ম প্ৰণিধানযোগ্য যে কৃষিজীবি অসমীয়াই কৃষিকাৰ্য আৰম্ভ কৰাৰ প্ৰাকক্ষণত উদযাপন কৰিছিল ব’হাগ বিহু। পথাৰলৈ উৰ্বৰতা আহ্বানৰ অৰ্থে ডেকা-গাভৰুৱে নাচ-গানেৰে পালন কৰিছিল ৰঙালী বিহু।
এতিয়াও বিহুগীত বুলিলেই বলীয়া বিহুৱা ডেকা। বিহুগীত, বিহুনৃত্য অসমীয়াৰ প্ৰাণ, অসমীয়া জাতিৰ সংস্কৃতি। কিছুমান গাঁৱত এতিয়াও ঘৰে ঘৰে হুঁচৰি মৰা প্ৰথাও আছে। ব’হাগ বিহুৰ প্ৰথম দিনটো গৰুবিহু ৰূপে পালন কৰাৰ পিছত পিছদিনা পালন কৰা হ’ব মানুহ বিহু। সৰুজনে ডাঙৰজনক সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰাৰ লগতে প্ৰিয়জনক দিয়া হয় বিহুৱান বা গামোছা। পথাৰত আৰম্ভ হোৱা ব’হাগ বিহু আজি সময়ৰ চাকৈনৈয়াত পৰি মঞ্চ পালেহি। তৎসত্ত্বেও এই ৰঙালী বিহু পালন কৰিবলৈ কাৰ্পণ্য কৰা নাই অসমীয়াই। এই মূহুৰ্তত অসমবাসীয়ে সকলো পাহৰি ব্যস্ত হৈ পৰিছে বছৰি অহা অতিকৈ চেনেহৰ বহাগৰ বিহুটিক আদৰিবলৈ। গাঁও নগৰ সকলোতে ৰঙালী বিহুৰ প্ৰস্তুতি। সেয়েহে আমি এই বহাগ বিহুটিত কেনেকৈ নোগোৱাকৈ থাকিব পাৰো-
অতিকৈ চেনেহৰ মুগাৰে মহুৰা,
তাতোকৈ চেনেহৰ মাকো।
তাতোকৈ চেনেহৰ বহাগৰ বিহুটি,
নেপাতি কেনেকৈ থাকো।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া