
কামৰূপ, ১৩ এপ্ৰিল (হি.স.): গুৱাহাটী আৰু উত্তৰ পাৰৰ সংযোগী নৱ নিৰ্মিত কুমাৰ ভাস্কৰ বৰ্মা সেতুত যোৱা কালি সন্ধিয়া এক অঘটন সংঘটিত হয়। দলঙৰ ওপৰৰ পৰা জপিয়াই মৃত্যুমুখত পৰে এজন শ্ৰমিক । মৃত্যু হোৱা শ্ৰমিক জনৰ নাম ৰাবিল আলী বুলি জানিব পৰা গৈছে। শ্ৰমিকজনৰ ঘৰ বৰপেটাৰ কেওটকুছিত বুলি কোৱা হৈছে।
উল্লেখ্য যে নিহত ৰাবিল আলী দলঙৰ নিৰ্মাণ কাৰ্যৰ শ্ৰমিক হিচাপে কাম কৰিছিল। ইফালে সহযোগী চাৰি শ্ৰমিকৰ উচতনিত ৰাবিলে দলঙৰ ওপৰৰ পৰা জাপ মৰাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনাস্থলীত উত্তৰ গুৱাহাটী আৰক্ষী উপস্থিত হৈ সোধপোচ আৰম্ভ কৰিছে সহযোগী শ্ৰমিকক । তিনি সহযোগী শ্ৰমিকৰ নাম ক্ৰমে ছয়দুল আলী, ৰবিওল আলী আৰু ফাৰুক আলী বুলি জনা গৈছে। ইফালে শ্ৰমিক কেইজন ড্ৰাগচ আসক্ত হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকসকলে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ