নগদ ধনৰ সৈতে গ্ৰেপ্তাৰ দুজন চাইবাৰ অপৰাধী
বৰপেটা, ১৩ এপ্ৰিল (হি.স.): বৰপেটা ৰোড চহৰত সোমবাৰে আৰক্ষীয়ে নগদ ধনৰ সৈতে দুজন চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ কৰে । ধৃত চাইবাৰ অপৰাধী দুজনৰ নাম ৰাজু আহমেদ আৰু জহিৰ আলম বুলি কোৱা হৈছে। অপৰাধীদ্বয়ৰ ভিতৰত ৰাজু আহমেদ হাউলীৰ হাতীজানৰ আৰু জহিৰ আলম মৈৰামৰা গাঁ
নগদ ধনৰ সৈতে গ্ৰেপ্তাৰ দুজন চাইবাৰ অপৰাধী


বৰপেটা, ১৩ এপ্ৰিল (হি.স.): বৰপেটা ৰোড চহৰত সোমবাৰে আৰক্ষীয়ে নগদ ধনৰ সৈতে দুজন চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ কৰে । ধৃত চাইবাৰ অপৰাধী দুজনৰ নাম ৰাজু আহমেদ আৰু জহিৰ আলম বুলি কোৱা হৈছে।

অপৰাধীদ্বয়ৰ ভিতৰত ৰাজু আহমেদ হাউলীৰ হাতীজানৰ আৰু জহিৰ আলম মৈৰামৰা গাঁৱৰ বুলি জানিব পৰা গৈছে। বৰপেটা জিলা অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য আৰু বৰপেটা ৰোড থানাৰ আৰক্ষী বিষয়া শ্যামল জ্যোতি শইকীয়াৰ যৌথ নেতৃত্বত চলোৱা অভিযানত অভিযুক্ত দুজনক বৰপেটা ৰোডৰ ষ্টেট বেংকৰ সন্মুখত গ্ৰেপ্তাৰ কৰে।

ধৃত অভিযুক্ত দুজনৰ পৰা আৰক্ষীয়ে নগদ ৬২ হাজাৰ ₹, এখন এটিএম কাৰ্ড আৰু দুটা মোবাইল ফোন জব্দ কৰে। বৰপেটা ৰোড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জিম্মাত লৈছে। চাইবাৰ গেঙৰ লগত আৰু কোনো লোক জড়িত আছে নে নাই সেই সম্পৰ্কে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande