
গুৱাহাটী, ১৩ এপ্রিল (হি.স.)। নাৰী সৱলীকৰণৰ অভিযানক নতুন মাত্ৰা প্ৰদান কৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত নাৰী শক্তি বন্দন অধিনিয়ম'ক ইতিমধ্যে সংসদে গ্রহণ কৰিছে। অহা ২০২৯ চনৰ পৰা ইয়াক ৰাজনৈতিক ধৰাতলত ৰূপায়ণ কৰা হ'ব। উল্লেখযোগ্য যে ২০২৩ চনৰ ১৯ ছেপ্তেম্বৰৰ দিনা লোকসভাত এই অধিনিয়ম উত্থাপন কৰাৰ লগতে সংবিধানৰ ১০৬ তম সংশোধনীৰ জৰিয়তে ইয়াক আইনলৈ ৰূপান্তৰ কৰে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন এনডিএ চৰকাৰে। বিভিন্ন ৰাজনৈতিক দলৰ বিৰোধ আৰু ষড়যন্ত্রক ওফোৰাই ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বই এই অধিনিয়মৰ জৰিয়তে নাৰী সৱলীকৰণৰ অভিযানক নতুন মাত্ৰা প্ৰদান কৰি দেশৰ সমাজ জীৱনলৈ এক বৈপ্লৱীক পৰিৱৰ্তনৰ জৰিয়তে বীজ ৰোপন কৰিবলৈ সক্ষম হৈছে।
অসম প্রদেশ ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা প্ৰেৰণ কৰা এক বিবৃতিত ৰাজ্যিক মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাই এনেদৰে মত পোষণ কৰি লগতে কয় যে- উক্ত অধিনিয়মে দেশৰ মাতৃ শক্তিৰ ৰাজনৈতিক অংশীদাৰিত্ব সুনিশ্চিত কৰাৰ বাবে লোকসভা আৰু বিধানসভা সমূহত মুঠ আসনৰ ৩৩ শতাংশ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছে। ফলত লোকসভাত মহিলা সাংসদৰ সংখ্যা বৰ্তমানৰ ৭৪ গৰাকীৰ পৰা ২৭৩ গৰাকীলৈ বৃদ্ধি পাব।
উল্লেখযোগ্য যে বর্তমান লোকসভাত মুঠ সাংসদৰ ১৫ শতাংশ আৰু ৰাজ্যসভাত ১৩ শতাংশ মহিলা সাংসদ আছে। অৱশ্যে ১৯৫২ চনৰ প্ৰথমটো লোকসভাত মহিলা সাংসদৰ সংখ্যা মাত্র ৪ শতাংশহে আছিল। ভাৰতীয় সংসদীয় গণতন্ত্ৰৰ সর্বোচ্চ স্থানত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ লগতে নাৰী শক্তিৰ নেতৃত্বত দেশ পৰিচালনা কৰাৰ এক ৰাজনৈতিক পৰিৱেশ গঢ়ি তোলাৰ বাবেই ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে নাৰী শক্তি বন্দন অধিনিয়ম ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত লোৱা বুলি শ্রীশর্মাই মত পোষণ কৰে।
নাৰী শক্তিৰ নেতৃত্বত দেশৰ উন্নয়নৰ অভিযান আগবঢ়াই নিয়াৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা অভিযানক নাৰী শক্তি বন্দন অধিনিয়মে নিশ্চিতভাৱে নতুন মাত্রা প্রদান কৰিব। এই অধিনিয়ম কেৱল আইনী সংস্কাৰতে সীমাবদ্ধ নাথাকি ই এক সামাজিক ৰূপান্তৰ হিচাপে চিহ্নিত হৈছে বুলি শর্মাই কয়। সেয়ে নাৰী শক্তি বন্দন অধিনিয়ম”ক স্বাধীনোত্তৰ ভাৰতৰ অন্যতম বৃহৎ কিন্তু নীৰৱ সামাজিক বিপ্লৱ হিচাপে বৰ্ণনা কৰি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই আধুনিক ভাৰতীয় ইতিহাসৰ ই এক ঐতিহাসিক পদক্ষেপ বুলি বর্ণনা কৰে।
উক্ত অধিনিয়মৰ জৰিয়তে ভাৰতীয় জনতা পার্টিয়ে দেশৰ নীতি নির্ধাৰণ আৰু ৰাজনৈতিক, সামাজিক নেতৃত্বৰ ক্ষেত্ৰ খনত মহিলাৰ প্ৰতিনিধিত্ব সুনিশ্চিত কৰি দীৰ্ঘদিন ধৰি অৱহেলিত হৈ থকা দেশৰ ৫০ শতাংশ জনসংখ্যাৰ কণ্ঠক সাহস প্রদান কৰাৰ এক ঐতিহাসিক বিপ্লৱ ৰূপায়ণ কৰিছে। ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ গৰাকীৰ মতে নাৰী শক্তি বন্দন অধিনিয়মে দেশৰ মাতৃ সমাজক এক শক্তিশালী আধাৰলৈ ৰূপান্তৰ কৰি দিছে। ৰাজনৈতিক ক্ষেত্ৰত মহিলাৰ অংশগ্রহণ আৰু নেতৃত্ব বৃদ্ধি পোৱাৰ লগে লগে শাসন ব্যৱস্থা প্রগতিশীল আৰু সৱল হৈ উঠিব বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই মত পোষণ কৰে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ