দুৰ্নীতি ৰোধ কৰিব, কল্যাণমূলক আঁচনিৰ বাবে ব্যৱহাৰ হ’ব ধনঃ অমিত শ্বাহ
কলকাতা/ৰাণীগঞ্জ, ১৩ এপ্ৰিল (হি.স.)। পশ্চিম বংগত নিৰ্বাচনী সভাত অমিত শ্বাহে বিশেষ দাবী উত্থাপন কৰি কয় যে যদিহে ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজ্যখনত চৰকাৰ গঠন কৰে তেন্তে দুৰ্নীতি ৰোধ কৰি সঞ্চয় হোৱা ধন জনকল্যাণৰ বাবে ব্যৱহাৰ কৰা হ’ব। তেওঁ বিশেষভাৱে মহিলা
अमित शाह


কলকাতা/ৰাণীগঞ্জ, ১৩ এপ্ৰিল (হি.স.)। পশ্চিম বংগত নিৰ্বাচনী সভাত অমিত শ্বাহে বিশেষ দাবী উত্থাপন কৰি কয় যে যদিহে ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজ্যখনত চৰকাৰ গঠন কৰে তেন্তে দুৰ্নীতি ৰোধ কৰি সঞ্চয় হোৱা ধন জনকল্যাণৰ বাবে ব্যৱহাৰ কৰা হ’ব। তেওঁ বিশেষভাৱে মহিলা আৰু নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে ঘোষণা কৰা মাহেকীয়া সাহায্য আঁচনিৰ বিষয়ে উত্থাপিত প্ৰশ্নৰো উত্তক প্ৰদান কৰে।

পশ্চিম বৰ্ধমান জিলাৰ ৰাণীগঞ্জত এখন ৰাজহুৱা সভাত ভাষণ দি শ্বাহে কয় যে দলৰ ইস্তাহাৰত মহিলা আৰু নিবনুৱা যুৱক-যুৱতীসকলক মাহিলী তিনি হাজাৰ টকাৰ সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। মমতা বেনাৰ্জীয়ে পুঁজিৰ উৎস সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ৰাজ্যত দুৰ্নীতি ৰোধ কৰি সংগ্ৰহ কৰা ধন এই আঁচনিসমূহৰ বাবে ব্যৱহাৰ কৰা হ’ব।

তেওঁ অভিযোগ কৰে যে বৰ্তমানৰ চৰকাৰৰ অধীনত চিণ্ডিকেট শাসন প্ৰচলিত আৰু গৰু চোৰাংচোৱাগিৰি, কয়লা আৰু বালি খনন, শিক্ষক নিযুক্তি, ৰেচন বিতৰণ, পৌৰসভাৰ নিযুক্তি আদিৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে। এই সকলোবোৰ গোচৰৰ তদন্ত কৰি দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও শ্বাহে কয়।

আগন্তুক ২৩ এপ্ৰিল আৰু ২৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া দুয়োটা পৰ্যায়ৰ নিৰ্বাচনত এনে কঠোৰ ব্যৱস্থা কৰা হ’ব যে কোনেও ভোটাৰক ভয় খুৱাবলৈ সাহস নকৰে বুলি তেওঁ আস্থা প্ৰকাশ কৰে। তেওঁ সকীয়াই দিয়ে যে শাসকীয় দলৰ সৈতে জড়িত গুণ্ডাসকলে ভোটদানৰ দিনটোত ঘৰতে থাকিব লাগে, অন্যথা কঠোৰ ব্যৱস্থাৰ বাবে সাজু থাকিব লাগে।

ইয়াৰ পূৰ্বে বলপুৰ আৰু খাইৰাছলত অনুষ্ঠিত হোৱা ৰেলীৰ পিছত শ্বাহৰ এয়া আছিল তৃতীয়খন ৰেলী। তেওঁ দাবী কৰে যে দলটোৱে পশ্চিম বৰ্ধমান জিলাৰ সকলো আসন দখল কৰাৰ লক্ষ্য লৈ অহা ৪ মে’ত ভোটগণনা হোৱাৰ পাছত ৰাজ্যত চৰকাৰ গঠন কৰিব।

বংগত বাবৰি মছজিদ নিৰ্মাণ কৰিবলৈ নিদিয়ে। শেহতীয়া ৰাজনৈতিক বিতর্ক সন্দর্ভত মন্তব্য কৰি শ্বাহে প্রাক্তন বিধায়ক হুমায়ুন কবীৰৰ বিৰুদ্ধে তৃণমূল কংগ্রেছৰ অভিযোগ নাকচ কৰে ৷ কবীৰক সুকীয়া সত্তা বুলি গণ্য কৰাটো ভুল আৰু তেওঁ শাসকীয় দলৰ সৈতে জড়িত বুলিও কয়। বাবৰি মছজিদৰ সদৃশ কোনো গঠন ৰাজ্যত নিৰ্মাণ কৰিবলৈ দিয়া নহ’ব বুলিও তেওঁ পুনৰ কয়।

অনুপ্ৰৱেশৰ বিষয়টোত শ্বাহে কঠোৰ স্থিতি গ্ৰহণ কৰি কয় যে অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বহিষ্কাৰ কৰা হ’ব। লগতে ৪৫ দিনৰ ভিতৰত সীমান্ত সুৰক্ষা বাহিনীক প্ৰয়োজনীয় মাটি যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁ দলৰ ইস্তাহাৰ অনুসৰি, ইউনিফৰ্ম চিভিল কোড ৰূপায়ণৰ প্ৰতিশ্ৰুতিও পুনৰবাৰ উল্লেখ কৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande