

নতুন দিল্লী, ১৩ এপ্ৰিল (হি.স.)। মহিলা আৰু শিশু উন্নয়ন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে কয় যে মহিলা সংৰক্ষণ আইন প্ৰণয়নে ৰাষ্ট্ৰ-নিৰ্মাণৰ এক নতুন দিশ দিব। নাৰী সৱলীকৰণ আৰু ৰাষ্ট্ৰ-নিৰ্মাণৰ সন্দৰ্ভত এক উল্লেখযোগ্য বাৰ্তা প্ৰেৰণ কৰা হয়। সোমবাৰে বিজ্ঞান ভৱনত অনুষ্ঠিত নাৰী শক্তি বন্দন সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আদৰণি জনাই অন্নপূৰ্ণা দেৱীয়ে মহিলা সংৰক্ষণ আইনক ঐতিহাসিক আৰু বৈপ্লৱিক বুলি অভিহিত কৰে।
এই আইনখন নাৰী শক্তিৰ বছৰ বছৰ ধৰি চলা সংগ্ৰামৰ ফল, যিয়ে গণতান্ত্ৰিক অংশগ্ৰহণ আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত নাৰীক শক্তিশালী স্থান প্ৰদান কৰিব বুলিও কয়। তেওঁ কয় যে ভাৰত এতিয়া মহিলাৰ বিকাশৰ বাহিৰলৈ গৈ নাৰীৰ জৰিয়তে উন্নয়নৰ দিশে আগবাঢ়িছে।
যোৱা ১১ বছৰত মহিলাৰ বাবে চৰকাৰে আৰম্ভ কৰা আঁচনি, যেনে- বেটি বচাও, বেটি পঢ়াও, উজ্জ্বলা যোজনা, জল জীৱন মিছন, আৰু মুদ্ৰা যোজনা আদিৰ কথা উল্লেখ কৰি তেওঁ কয় যে এইবোৰে মহিলাক শক্তিশালী কৰি তুলিছে আৰু নেতৃত্বৰ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে।
অন্নপূৰ্ণা দেৱীয়ে কয় যে বিজ্ঞান, প্ৰযুক্তি, আৰু গণিত (STEM) ক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি, মহিলা পাইলটৰ সংখ্যা, ষ্টাৰ্টআপত মহিলাৰ নেতৃত্ব, পঞ্চায়তত লাখ লাখ মহিলা প্ৰতিনিধিয়ে পৰিৱৰ্তিত ভাৰতৰ ছবি দাঙি ধৰিছে। এতিয়া কেৱল পৰিয়ালতে নহয়, দেশৰ দিশ গঢ় দিয়াতো মহিলাসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। সংসদ আৰু ৰাজ্যিক বিধানসভাত মহিলা সংৰক্ষণ আইনখনে গণতন্ত্ৰক অধিক শক্তিশালী কৰি তুলিব।
উন্নত ভাৰত ২০৪৭ৰ লক্ষ্যত উপনীত হোৱাত নাৰী শক্তিৰ ভূমিকাক অতি গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰি তেওঁ সকলো মহিলাক এই পৰিৱৰ্তনক আগুৱাই নিবলৈ আহ্বান জনায়। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা, ৰাজ্যিক মন্ত্ৰী সাবিত্ৰী ঠাকুৰ, মহিলা আয়োগৰ অধ্যক্ষ বিজয়া ৰাহটকাৰ,কে ধৰি বিভিন্ন ক্ষেত্ৰৰ মহিলাসকলে অংশগ্ৰহণ কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া