
তামুলপুৰ, ১২ এপ্ৰিল (হি.স.): চড়ক পূজাৰ বাবে দক্ষিণা বিচাৰি যোৱা বঙালী সম্প্ৰদায়ৰ ৭ সন্ন্যাসীক আক্ৰমণক কেন্দ্ৰ কৰি তামুলপুৰ জিলা গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত ২নং ৰৌমাৰী গাঁৱত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ২নং ৰৌমাৰীৰে চানমাহমুদ আলী আৰু পুত্ৰ আজম আলিৰ নেতৃত্বত কালি সন্ধিয়া এই আক্রমণ কৰাৰ অভিযোগ উঠিছে। ইয়াৰ পিছতে উত্তেজিত একাংশ লোকে অগ্নিসংযোগ কৰে অভিযুক্তৰ ঘৰ ।
অগ্নিকাণ্ডত ফলত দুটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে এএছ ২৮ ডি৩ ৩০৫৪ নম্বৰৰ দুচকীয়া বাহন এখনো জ্বলি চাই হৈ যায়। ইপিনে এই ঘটনাৰ পিছতে ঘটনাস্থলীত তামুলপুৰ আৰু গোৰেশ্বৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও এই ঘটনাকলৈ ৰৌমাৰীত উত্তেজনা অব্যাহত আছে । ঘটনাস্থলীত আৰক্ষী মোতায়েন কৰা হৈছে।
ইফালে আক্ৰমণৰ ঘটনাত জড়িত দুই অভিযুক্ত পলাতক হৈ আছে আৰু অভিযুক্তক শীঘ্ৰে কৰায়ত্ত কৰিবলৈ ৰাইজে দাবী জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ