
মুম্বাই, ১২ এপ্ৰিল (হি.স.)। সোমবাৰে দাদৰৰ শিৱাজী পাৰ্কত পূৰ্ণাংগ ৰাজ্যিক সন্মানেৰে দাহ কৰা হ’ব প্ৰখ্যাত কণ্ঠশিল্পী আশা ভোছলেৰ নশ্বৰ দেহ । দেওবাৰে মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ৯২ বছৰীয়া আশা ভোছলেয়ে । হঠাতে স্বাস্থ্যৰ অৱনতি ঘটাত শনিবাৰে তেওঁক ভৰ্তি কৰোৱা হয়।
যোৱা আঠ দশত ধৰি ভাৰতীয় চিনেমাত নিজৰ কণ্ঠৰে সকলোকে মায়াজালৰ দৰে বন্দী কৰা জনপ্ৰিয় গায়িকা আশা ভোঁছলেৰ পুত্ৰ আনন্দ ভোঁছলেয়ে আজি জনোৱা যে তেওঁৰ মাতৃ আৰু জনপ্ৰিয় গায়িকা আশা ভোঁছলেক শনিবাৰৰ দিনা হাস্পতালত ভৰ্তি কৰা হৈছিল। তেওঁৰ অংগবোৰে কাম নকৰাৰ বাবে আজি চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়। অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে কাইলৈ (সোমবাৰ) পুৱা ১১ বজাৰ পৰা দুপৰীয়া ২ বজালৈ ল’ৱাৰ পেৰেলত ৰখা হ’ব তেওঁৰ মৃতদেহ। সন্ধিয়া ৪ বজাত শিৱাজী পাৰ্কত তেওঁৰ মৃতদেহ দাহ কৰা হ’ব।
মহাৰাষ্ট্ৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী আশীষ শ্বেলাৰে কয়, আজি মহাৰাষ্ট্ৰৰ লগতে সমগ্ৰ দেশ গভীৰভাৱে দুখী। এটা যুগৰ অন্ত পৰিল। আশাতাই আমাক এৰি থৈ গৈছে। বছৰ বছৰ ধৰি তেওঁৰ উপস্থিতিয়ে আমাক সান্ত্বনা দিছিল। তেওঁৰ বিশেষত্ব আছিল শোকক আকোৱালি লোৱা আৰু মানুহৰ বাবে আনন্দ কঢ়িয়াই অনা। তেওঁৰ এই কৃতিত্বক বিশ্বই প্ৰশংসা কৰিছিল। এনে এজন ব্যক্তি আৰু আমাৰ লগত নাই। এতিয়া পৰিয়ালে অনুৰোধ কৰা মতে, তেওঁৰ পাৰ্থিৱ শৰীৰ কাইলৈ (সোমবাৰ) পুৱা ১১ বজাৰ পৰা দুপৰীয়া ২ বজালৈ ল’ৱাৰ পেৰেলত ৰখা হ’ব।
हिन्दुस्थान समाचार / Manoj Kumar Saikia