
বাক্সা, ১২ এপ্ৰিল (হি.স.): শৈশৱতে পিতৃ-মাতৃৰ পৰা পৃথক হৈ পৰা দহ বছৰীয়া অৰ্ণৱ বড়ো নামৰ শিশুটিয়ে অকলে চলাই গৈছে জীৱন সংগ্ৰাম।অৰ্ণৱ বড়োৰ মাতৃয়ে অৰ্ণৱক এৰি আনলৈ গুচি যোৱাৰ লগতে পিতৃয়েও কাম কৰিব গৈ প্ৰায় দহমাহে খবৰ লোৱা নাই পুত্ৰ অৰ্ণৱৰ।
অৰ্ণৱৰ পিতৃৰ নাম মিঠুন বড়ো। অৰ্ণৱে কোৱা অনুসৰি তেওঁৰ ঘৰ বাক্সা জিলাৰ মুছলপুৰত। মুছলপুৰৰ কোন অঞ্চলত সেয়াও নাজানে অৰ্ণৱে।একমাত্ৰ আইতাকৰ সৈতে অৰ্ণৱ থাকে নলবাৰীৰ এটি ভাড়াঘৰত। অসুস্থ আইতাকৰ চোৱা-চিতাৰ দায়িত্ব এতিয়া অৰ্ণৱৰ ওপৰত। বিভিন্ন ঠাইত গৈ ভিক্ষা খোজে অৰ্ণৱে। বাক্সা জিলাৰ নয়াবস্থিত ভিক্ষা খুজি থকা অৱস্থাত অৰ্নৱক প্ৰত্যক্ষ কৰে ইউপিপিএল দলৰ কেন্দ্ৰীয় যুৱ শাখাৰ সম্পাদক হৰেকৃষ্ণ পাঠকে।
অৰ্ণৱৰ সৈতে কথা পাতি নিখিল বড়ো ছাত্ৰ সন্থা নৱস্থি আঞ্চলিক সমিতিৰ সহযোগত অৰ্ণৱক চিকিৎসালয়লৈ আনি স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে নতুন কাপোৰ প্ৰদান কৰে। লগতে অৰ্ণৱৰ পিতৃ মাতৃলৈ নিজৰ পুত্ৰক আকোৱালি ল'বলৈ আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ