সৰুপথাৰৰ টেঙাহোলাত আয়োজিত সাতদিনীয়া বিহু কৰ্মশালাৰ সামৰণি
গোলাঘাট, ১২ এপ্ৰিল (হি স)। ৰাজ্যজুৰি এতিয়া ৰঙালী বিহুৰ উখল-মাখল পৰিৱেশ । ঢোল, পেঁপা আৰু গগণাৰ মাতত ৰজনজনাই উঠিছে ৰাজ্যৰ চৌদিশ । সোমবাৰে উৰুকা আৰু মঙলবাৰে গৰু বিহুৰে অসমীয়াই আদৰিব হেঁপাহৰ ৰঙালী বিহুটিক ৷ ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতিৰ অংশ হিচাপে সৰ
সৰুপথাৰৰ টেঙাহোলাবাসী ৰাইজৰ উদ্যোগত আয়োজিত সাতদিনীয়া বিহু কৰ্মশালা


গোলাঘাট, ১২ এপ্ৰিল (হি স)। ৰাজ্যজুৰি এতিয়া ৰঙালী বিহুৰ উখল-মাখল পৰিৱেশ । ঢোল, পেঁপা আৰু গগণাৰ মাতত ৰজনজনাই উঠিছে ৰাজ্যৰ চৌদিশ । সোমবাৰে উৰুকা আৰু মঙলবাৰে গৰু বিহুৰে অসমীয়াই আদৰিব হেঁপাহৰ ৰঙালী বিহুটিক ৷ ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতিৰ অংশ হিচাপে সৰুপথাৰৰ টেঙাহোলাবাসী ৰাইজৰ উদ্যোগত আয়োজিত সাতদিনীয়া বিহু কৰ্মশালাৰ দেওবাৰে সামৰণি পৰে ।

কৰ্মশালাৰ সামৰণি অনুষ্ঠানত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণৰে শ্ৰদ্ধাঞ্জলি জনায় । প্ৰায় এসপ্তাহ ধৰি চলা এই কৰ্মশালাত অঞ্চলটোৰ বহুসংখ্যক কিশোৰ-কিশোৰী আৰু ডেকা-গাভৰুৱে বিহু নাচ আৰু ঢোলবাদনৰ প্ৰশিক্ষণ গ্ৰহণ কৰে । কৰ্মশালাখনত বিহু নাচৰ প্ৰশিক্ষক আছিল অসমৰ শ্ৰেষ্ঠ বৰ বিহুৱতী সন্মানেৰে সন্মানিত ৰীতামণি বৰা শইকীয়া । তেওঁৰ নিৰ্দেশনাত প্ৰশিক্ষাৰ্থীসকলে বিহু নাচৰ বিভিন্ন ভংগিমা আয়ত্ব কৰে। ঢোলবাদনৰ প্ৰশিক্ষক হিচাপে উপস্থিত আছিল ‘ৰং বসন্ত’ ২০২৫ বৰ্ষৰ দ্বিতীয় শ্ৰেষ্ঠ ওজা তথা যুৱপ্ৰজন্মৰ ঢোলবাদক প্ৰিন্স গগৈ । সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে তেওঁলোকৰ কলা প্ৰদৰ্শন কৰি উপস্থিত ৰাইজক মুগ্ধ কৰে । এনেধৰণৰ কৰ্মশালাই আমাৰ চহকী লোক-সংস্কৃতিটোক নতুন প্ৰজন্মৰ মাজত জীয়াই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande