
নতুন দিল্লী, ১২ এপ্ৰিল (হি.স.)। বেংগালুৰু আৰু মুম্বাইৰ মাজত বন্দে ভাৰত স্লিপাৰ ট্ৰেইন আৰম্ভ কৰিবলৈ অনুমোদন জনাইছে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে।
ৰে’ল মন্ত্ৰীগৰাকীয়ে সংসদ সদস্য পি চি মোহনক এখন পত্ৰ লিখি অনুমোদনৰ বিষয়ে অৱগত কৰিছে। পত্ৰখনত উল্লেখ কৰা হৈছে যে কৰ্ণাটকৰ কে এছ আৰ বেংগালুৰু ষ্টেচনৰ পৰা মুম্বাইৰ ছাত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছলৈ বন্দে ভাৰত স্লীপাৰ ট্ৰেইন চলোৱাৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে।
অহা মাহৰ পৰা এই নতুন ৰে’ল সেৱা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত দক্ষিণ আৰু পশ্চিম ভাৰতৰ মাজত সংযোগ সুদৃঢ় হ’ব। আধুনিক সুবিধাৰে সজ্জিত শ্লীপাৰ ডবাতো যাত্ৰীসকলে আৰামদায়ক যাত্ৰাৰ অভিজ্ঞতা লাভ কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া