
গোলাঘাট, ১২ এপ্ৰিল (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁও ৰঙামাটিত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। পশুধনৰ মৃত্যুকলৈ সৃষ্টি হয় এই উত্তেজনাময় পৰিৱেশৰ। বিষাক্ত খাদ্য ভক্ষণ কৰি মৃত্যু মুখত পৰে ২০ টাকৈ গৰু ।
জানিব পৰা মতে জিএমকে ফুড প্ৰডাক্ট (GMK Food Products) নামৰ এটা বিস্কুট ফেক্টৰীৰ পৰা পেলোৱা আৱৰ্জনা ভক্ষণ কৰি মৃত্যৰ মুখত পৰে ২১ টাকৈ পশুধন ।দেৰগাঁও ৰঙামাটি স্থিতত এই বিস্কুট ফেক্টৰীটোত সংঘটিত হয় এই কৰুণ ঘটনাটো। স্থানীয় লোকৰ অভিযোগ অনুসৰি ফেক্টৰীৰ পেলনীয়া সামগ্ৰী ভক্ষণৰ পাছতেই মৃত্যু হয় ২১ টাকৈ গৰুৰ লগতে অসুস্থ হৈ পৰে কেইবাটাও পশুধন । পশুধনৰ চৰণীয়া পথাৰত আৱৰ্জনা সমূহ পেলোৱাৰ ফলত ঘটিবলৈ পায় এই কৰুণ ঘটনাটো।আৰু এই কথা স্বীকাৰ কৰে ফেক্টৰীটোৰ স্বত্বাধিকাৰীৰ ভাতৃ ৰোহিত কাড়োৱাই।
এই ঘটনাত ক্ষতিপূৰণ বিচাৰি যোৱা কালি শনিবাৰে বিয়লি প্ৰতিবাদত নামিল একাংশ স্থানীয় লোক আৰু ঘটনাকলৈ দেৰগাঁও থানাত এজাহাৰ দাখিল কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ