তিতাবৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ মেধাৱী ছাত্ৰ মণিমাধৱ দলেৰ মৃত্যু
মাজুলী, ১২ এপ্ৰিল (হি.স.)। তিতাবৰ জৱাহৰ নৱোদয় বিদ্যালয় কৰ্তৃপক্ষই চিকিৎসাৰ ক্ষেত্ৰত কৰা চৰম গাফিলতিৰ বাবে মেধাৱী ছাত্ৰ মণিমাধৱ দলেৰ মৃত্যুৰ অভিযোগ উথাপিত হৈছে। মণিমাধৱ দলে হৈছে তিতাবৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ তথা মাজুলী জিলাৰ জেং
তিতাবৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ মেধাৱী ছাত্ৰ মণিমাধৱ দলেৰ মৃত্যু


মাজুলী, ১২ এপ্ৰিল (হি.স.)। তিতাবৰ জৱাহৰ নৱোদয় বিদ্যালয় কৰ্তৃপক্ষই চিকিৎসাৰ ক্ষেত্ৰত কৰা চৰম গাফিলতিৰ বাবে মেধাৱী ছাত্ৰ মণিমাধৱ দলেৰ মৃত্যুৰ অভিযোগ উথাপিত হৈছে। মণিমাধৱ দলে হৈছে তিতাবৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ তথা মাজুলী জিলাৰ জেংৰাইমুখ আৰক্ষী থানাৰ অন্তৰ্গত জেংৰাই মঘূৱাচুক গাঁও নিবাসী পাৰ্থপ্ৰতীম দলেৰ একমাত্ৰ পুত্ৰ। যোৱা ৯ এপ্ৰিলৰ দিনা ডিব্ৰুগড় অসম মেডিকেল কলেজত মণিমাধৱ দলে (১৮)ৰ মৃত্যু হৈছিল। যোৱা ৫ জানুৱাৰীৰ দিনা তিতাবৰ জৱাহৰ নৱোদয় বিদ্যালয়ত আগবঢ়াই থৈ আহে পিতৃ পাৰ্থপ্ৰতীম দলেই।

ইয়াৰ পিছতে পুত্ৰ মণিমাধৱ দলেৰ অসুস্থতাৰ খবৰ পাই বিদ্যালয়ত উপস্থিত হৈ চিকিৎসা কৰোৱাৰ বাবে বিদ্যালয়ৰ পৰা উলিয়াই লৈ যোৱাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষক কাকুতি মিনতি কৰে যদিও অনুমতি নিদিয়াত তিতাবৰ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰোৱাৰ পিছত বিদ্যালয়ত সোমোৱাই ঘৰলৈ উভতি আহে পিতৃয়ে। পুনৰ অসুস্থ হৈ একেবাৰে ভাত খাবলৈ এৰি দিয়াৰ খবৰ মণিমাধৱ দলেৰ বন্ধুৰ লাভ কৰি ২৪ জানুৱাৰীত বিদ্যালয়ত উপস্হিত পুত্ৰক স্কূলৰ পৰা চিকিৎসাৰ বাবে ঘৰলৈ লৈ আনি প্ৰথমে জেংৰাইমুখ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত ইয়াৰ পৰা পীতাম্বৰ দেৱ গোস্বামী জিলা চিকিৎসালয়ত ভৰ্তি কৰে ।

ইয়াত সুস্থ হৈ নুঠাত ধেমাজীলৈ লৈ গৈ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰাৰ পিছত স্বাস্থ্য উন্নত হোৱাত বিদ্যালয়ত আগবঢ়াই আহেগৈ পিতৃ পাৰ্থপ্ৰতীম দলেই। ইয়াৰ কেইদিনৰ পিছতে ইউনিট টে'ষ্টৰ পৰীক্ষা আৰম্ভ হয়। সেইমতে সাধাৰণ গণিত বিষয়ৰ পৰীক্ষা ভালকৈ দিলে যদিও পৰৱৰ্তী পৰ্যায়ৰ পৰীক্ষা দিবলৈ লওতে পুনৰ অসুস্থ হয়। এই খবৰ লাভ কৰি পুনৰ অভিভাৱকে চিকিৎসাৰ বাবে বিদ্যালয়ত উপস্থিত হৈ উলিয়াই নিয়াৰ দীৰ্ঘ সময় ধৰি তিতাবৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ জয়ন্ত দাসক কাতৰ মিনতি কৰে ।

কিন্তু পৰীক্ষাত উপস্থিতি থকাটো বাধ্যমূলক বুলি সতৰ্কবাণী দিয়াৰ পৰিপ্ৰেক্ষিতত অসুস্থ দেহাৰে পৰীক্ষা কৰিবলৈ বাধ্য হৈ পৰে মণিমাৱ দলেই। পৰীক্ষা সম্পূৰ্ণ কৰাৰ পিছতে বিদ্যালয়ৰ পৰা উলিয়াই আনি ক্ৰমে ধেমাজী আৰু ডিব্ৰুগড় আদিত্য চিকিৎসালয় আৰু ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসা কৰোৱা হয় যদিও এই সংসাৰৰ পৰা যোৱা ৯ এপ্ৰিলত ইহ সংসাৰ ত্যাগ কৰে মেধাৱী শিক্ষাৰ্থী মণিমাধৱ দলেই। উক্ত ঘটনাক কেন্দ্ৰ কৰি এতিয়া মাজুলী জেংৰাই মঘূৱাচুক গাঁৱৰ নিজৰ ঘৰখনত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে ।

উপযুক্ত চিকিৎসাৰ অভাৱৰ বাবে এই ঘটনা সংঘটিত হ'ল। এইক্ষেত্ৰত বিদ্যালয় কৰ্তৃপক্ষৰ চৰম গাফিলতি আৰু দায়িত্বহীনতাকে দোষাৰোপ কৰিছে অভিভাৱক সমাজে। মণিমাধৱ দলেৰ চিকিৎসা কৰোৱাৰ ক্ষেত্ৰত হোৱা চৰম গাফিলতিৰ অভিযোগ তুলি আজি তিতাবৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে তীব্ৰ আন্দোলন চলাই আছে । বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে আৰম্ভ কৰা এই আন্দোলনলৈ মণিমাধৱ দলেৰ পৰিয়ালৰ তৰফৰ পৰা নৈতিক সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰি কয় --মণিমাধৱ দলেৰ ক্ষেত্ৰত যি অন্যায় সংঘটিত হ'ল এনে ঘটনা পুনৰাবৃতি নহয় তাৰ কাৰণে লিখিত প্ৰতিশ্ৰুতি আদায় দিবলৈ বিদ্যালয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে। চফ্টৱেৰ ইঞ্জিনিয়িৰিং পঢ়িব বিচৰা মণিমাধৱ দলেই মাত্ৰ তিনি মাহৰ ভিতৰত মৃত্যুক আঁকোৱালি লোৱা কথাটোয়ে এতিয়া অধিক শোকাকুল কৰি তুলিছে পৰিয়ালটোত।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande