
ধেমাজি ১২ এপ্ৰিল (হি.স.)। গোগামুখৰ ঢোল বনোৱা শিল্পী সকলৰ ব্যস্ততা বৃদ্ধি। সমাগত হেঁপাহৰ ৰঙালী বিহু। বিহু পালেহিয়েই। বৰ্তমান প্ৰত্যেক গৰাকীৰ মনত উখল মাখল পৰিৱেশ। পাৰ ভঙা উচাহ। চাৰিওফালে ঢোল পেঁপাৰ নিভাজ গুঞ্জন। হেঁপাহৰ ৰঙালী বিহুলৈ মাজত কেইটামান দিন বাকী।বৰ্তমান অসমৰ ঢোল পেঁপা নিৰ্মাণ কৰা শিল্পী সকলৰো বাঢ়িছে ব্যস্ততা।
নতুন ঢোল সজোৱাত ব্যস্ত গোগামুখৰ নাহৰবাৰী ৰোডৰ ৰাজু দাস। ৰাজু দাসৰ বাদ্য ভাণ্ডাৰত মন পচন্দৰ ঢোল বিচাৰি লখিমপুৰ ধেমাজি, ঘিলামৰা, ঢকুৱাখনাৰ বিভিন্ন প্ৰান্তৰ আহিছে ঢুলীয়া। উল্লেখ্য যে পিতৃৰ বৃত্তিকে অনুসৰণ কৰি গোগামুখৰ ৰাজু দাসে বিশ বছৰ ধৰি ঢোল,খোল,তবলা নিৰ্মাণ কৰাৰ লগতে জনজাতীয় লোকসকলৰ ঢোলটো বছৰ বছৰ ধৰি নিৰ্মাণ কৰি আহিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ