অ-সুৰক্ষিত মঙলদৈ মহাবিদ্যালয়ত স্থাপন কৰা নিৰ্বাচনৰ অস্থায়ী ষ্ট্ৰং ৰুম
দৰং, ১২ এপ্ৰিল (হি.স.)। অ-সুৰক্ষিত মঙলদৈ মহাবিদ্যালয়ত স্থাপন কৰা নিৰ্বাচনৰ অস্থায়ী ষ্ট্ৰং ৰুম। প্ৰৱেশ দ্বাৰত তলাৰ পৰিবৰ্তে বান্ধি থোৱা হৈছে কাপোৰেৰে। বিভিন্ন গাড়ী মটৰ উক্ত প্ৰৱেশ দ্বাৰেৰে প্ৰৱেশ কৰি থকাৰ অভিযোগ। ইভিএম থকা কোঠাৰ ভিতৰ ভাগত নাই চিচিটি
অ-সুৰক্ষিত মঙলদৈ মহাবিদ্যালয়ত স্থাপন কৰা নিৰ্বাচনৰ অস্থায়ী ষ্ট্ৰং ৰুম


দৰং, ১২ এপ্ৰিল (হি.স.)। অ-সুৰক্ষিত মঙলদৈ মহাবিদ্যালয়ত স্থাপন কৰা নিৰ্বাচনৰ অস্থায়ী ষ্ট্ৰং ৰুম। প্ৰৱেশ দ্বাৰত তলাৰ পৰিবৰ্তে বান্ধি থোৱা হৈছে কাপোৰেৰে। বিভিন্ন গাড়ী মটৰ উক্ত প্ৰৱেশ দ্বাৰেৰে প্ৰৱেশ কৰি থকাৰ অভিযোগ। ইভিএম থকা কোঠাৰ ভিতৰ ভাগত নাই চিচিটিভি ৰ ব্যৱস্থা।বাহিৰত থকা চিচিটিভ ৰ ফুটেজ সমূহ চাবলৈও ডাঙৰ মনিটৰৰ ব্যৱস্থা নাই। ইফালে ইভিএম ৰখা কোঠাৰ পিছফালে বৰ্তমানো এটা পথ সকলোৰে বাবে উন্মুক্ত হৈ আছে।

এই অভিযোগ দৰং জিলা কংগ্ৰেছৰ সভানেত্ৰী তথা মঙলদৈ সমষ্টিৰ প্ৰাৰ্থী ৰিজুমনি তালুকদাৰ আৰু কংগ্ৰেছ কৰ্মী সকলৰ। অভিযোগ উত্থাপিত কৰাৰ পিছতহে আৰক্ষীয়ে কোনোমতে এখন কাপোৰেৰে গে'ট খন বান্ধি থয় য'ত সন্তুষ্ট নহয় প্ৰাৰ্থী গৰাকী। নিশা মঙলদৈ মহাবিদ্যালয়ত উপস্থিত হৈ এইদৰে মন্তব্য কৰে কংগ্ৰেছৰ প্ৰাৰ্থী ৰিজু মনি তালুকদাৰে।

মঙলদৈ মহাবিদ্যালয়ত স্থাপন কৰা নিৰ্বাচনৰ অস্থায়ী ষ্ট্ৰং ৰুমত দৰং জিলাৰ তিনিটাকৈ বিধানসভা সমষ্টি ক্ৰমে ছিপাঝাৰ, মঙলদৈ আৰু দলগাওঁ ৰ ইভিএম সমূহ ৰখা হৈছে। ইভিএম ৰখা কোঠা তথা বাহিৰৰ কিছু সুৰুঙা দেখি জিলা প্ৰশাসনক অৱগত কৰে কংগ্ৰেছ প্ৰাৰ্থী ৰিজুমনি তালুকদাৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande