
গুৱাহাটী, ১২ এপ্ৰিল(হি.স.)। কিংবদন্তী কণ্ঠশিল্পী পদ্ম বিভূষণ আশা ভোছলে আজি মুম্বাইৰ এখন হস্পিতালত হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে৷ শিল্পীগৰাকীৰ মৃত্যুত সমগ্ৰ ভাৰতবৰ্ষ শোকস্তদ্ধ হৈ পৰিছে৷ দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত যশস্বী শিল্পী আশা ভোছলেৰ মহাপ্ৰয়াণত ৰাজ্যিক বিজেপিয়ে গভীৰ শোক প্ৰকাশ কৰে৷
দীৰ্ঘদিন ধৰি ছবি জগতৰ সৈতে সংপৃত্ত হৈ হিন্দী, বঙালী, মাৰাঠীকে ধৰি ২০টাতকৈ অধিক ভাৰতীয় ভাষা আৰু কেইবাটাও বিদেশী ভাষাত কণ্ঠদানেৰে ভাৰতীয় ছবি জগতলৈ যি মহৎ অৱদান আগবঢ়াই থৈ গ’ল সেয়া সমগ্ৰ দেশবাসীৰ বাবে এক আপুৰুগীয়া সম্পদ বুলি ৰাজ্যিক বিজেপিয়ে ব্যক্ত কৰে৷ বিশ্বৰ সংগীত ইতিহাসৰ আটাইতকৈ বেছি গীত বাণীবদ্ধ কৰা, অভিলেখৰ গৰাকী আশা ভোছলেৰ মহাপ্ৰয়াণ ভাৰতীয় ছবি জগত বাবে এক বৃহৎ ক্ষতি বুলিও ৰাজ্যিক বিজেপিয়ে শোক-বাৰ্তাৰ জৰিয়তে বৰ্ণনা কৰে৷ শিল্পীগৰাকীলৈ শেষ শ্ৰদ্ধা নিবেদন কৰি দলটোৱে তেখেতৰ বিদেহী আত্মাৰ শান্তি কামনা কৰাৰ লগতে শোকস্তদ্ধ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ