
মথুৰা, ১২ এপ্ৰিল (হি.স.)। বৃন্দাবনৰ যমুনা নদীত উটি যোৱা পঞ্জাৱৰ পৰা ভক্তক কঢ়িয়াই অনা মটৰবোটৰ পৰা উদ্ধাৰকাৰী দলে আৰু দুজন লোকৰ মৃতদেহ উদ্ধাৰ কৰিছে। দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি পাইছে । আৰু তিনিজন লোকৰ সন্ধান এতিয়াও অব্যাহত আছে ।
দেওবাৰে পুৱা উদ্ধাৰকাৰী দলে পুনৰ অনুসন্ধান আৰম্ভ কৰে পঞ্জাৱৰ পৰা ভক্তক লৈ যোৱা এখন মটৰবোট যমুনা নদীত উটি যোৱাৰ ফলত পানীত ডুব যোৱা লোকসকলৰ সন্ধান । আজি পুৱা উদ্ধাৰ হয় এগৰাকী মহিলাসহ দুজন ভক্তৰ মৃতদেহ। আৰক্ষী অধীক্ষক (গ্ৰাম্য) সুৰেশ চন্দ্ৰ ৰাৱটে উল্লেখ কৰে যে আজি পুৱা যমুনা নদীৰ পৰা এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। তেওঁৰ নাম ঋষভ শৰ্মা, লুধিয়ানাৰ জাগ্ৰামৰ নিবাসী। অক্ৰুৰ ঘাটৰ সমীপত উদ্ধাৰ হৈছে তেওঁৰ মৃতদেহ। ইয়াৰ পিছতে উদ্ধাৰকাৰী দলটোৱে দেওৰাহা বাবা ঘাটৰ সমীপত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে। লুধিয়ানাৰ ডুগ্ৰি আৰ্বান এষ্টেটৰ নিবাসী ডিংকি বংশল নামৰ মহিলাগৰাকীক চিনাক্ত কৰা হৈছে। এই দুৰ্ঘটনাত ডিংকি বংশালৰ মাতৃ মীনু বংশলৰো মৃত্যু হয়। শুকুৰবাৰে উদ্ধাৰ কৰা হৈছিল় তেওঁৰ মৃতদেহ। তেওঁ উল্লেখ কৰে যে পংকজ মালহোত্ৰা, যশ ভল্লা, আৰু মনিকা এতিয়াও নিৰুদ্দেশ হৈ আছে। তেওঁলোকৰ সন্ধান উলিয়াবলৈ অভিযান চলাই আছে।
জিলা প্ৰশাসনে জনোৱা মতে, মৃতদেহ দুটা নদীত ওপঙি উঠিছিল আৰু ৰছী ব্যৱহাৰ কৰি নাও এখনত উলিয়াই আনিছিল। ঘটনাস্থলীত পৰিয়ালৰ লোক উপস্থিত হৈ চিনাক্ত কৰে। ডিংকি আছিল বি এৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ। দ্বাদশ শ্ৰেণীৰ স্নাতক ঋষভ শৰ্মাই পিতৃক কামত সহায় কৰিছিল । শনিবাৰে দেওৰাহা বাবা ঘাটৰ সমীপত মাণিক টেণ্ডনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে মৃত্যুৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি পায়।
ডি এম চি পি সিঙে উল্লেখ কৰে যে এ ডি এম পংকজ বৰ্মাৰ তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত দুৰ্ঘটনাটোৰ বাবে দায়ী সকলোৰে বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কাকো ৰেহাই দিয়া নহ’ব। আৰক্ষীয়ে প্ৰাথমিকভাৱে চালক আৰু ঠিকাদাৰক দোষী সাব্যস্ত কৰি জেললৈ প্ৰেৰণ কৰিছে।
শুকুৰবাৰে পঞ্জাৱৰ পৰা অহা তীৰ্থযাত্ৰী কঢ়িয়াই অনা এখন মটৰবোট পণ্টুন দলঙৰ সৈতে খুন্দা মৰাৰ ফলত যমুনা নদীত বাগৰি পৰে। সেইদিনা উদ্ধাৰ কৰা উদ্ধাৰকাৰী দলে দহটা মৃতদেহ উদ্ধাৰ কৰে। শনিবাৰে সন্ধিয়ালৈকে আন এটা মৃতদেহ উদ্ধাৰ হয়। নিৰুদ্দেশ হোৱা তিনিজন তীৰ্থযাত্ৰীৰ সন্ধানত অভিযান অব্যাহত আছে।
সাতটা চেক্টৰত সন্ধান কাৰ্য্য অব্যাহত
আপোনজনৰ সন্ধানত পঞ্জাৱৰ পৰা পৰিয়াল বৃন্দাবনত উপস্থিত হৈছে । প্ৰশাসন আৰু স্থানীয় আৰক্ষীৰ লগতে এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দলো নিৰুদ্দেশ হোৱা তীৰ্থযাত্ৰীসকলৰ সন্ধানত নিয়োজিত হৈ আছে । যমুনাৰ প্ৰবল সোঁত আৰু গভীৰ ঘাটে উদ্ধাৰ অভিযানত যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছে । উদ্ধাৰকাৰী দলে যমুনা নদীক কেচি ঘাটৰ পৰা গকুল বেৰেজলৈকে সাতটা চেক্টৰত বিভক্ত কৰিছে । ২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলেকাত এতিয়া যমুনাত উটি যোৱা লোকসকলৰ সন্ধানত অভিযান চলোৱা হৈছে। ডি আই জি, আগ্ৰা ৰেঞ্জৰ নিৰ্দেশত ষ্টেচন বিষয়াসকলে যমুনা নদীৰ সাতটা ছেক্টৰতে নিৰীক্ষণ কৰি আছে। স্থানীয় ডুবাৰু, নাৱিক, পিএচি ডুবাৰু, এছডিআৰএফ আৰু এনডিআৰএফৰ দলো জড়িত হৈ আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া