বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানত ক্ৰমাৎ বৃদ্ধি বাঘৰ সংখ্যা
চিৰাং, ১২ এপ্ৰিল (হি.স.)। বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানত ক্ৰমাৎ বৃদ্ধি পাইছে বাঘৰ সংখ্যা। মানাহত বাঘৰ মুক্ত বিচৰণে আমোদ দিছে পৰ্যটকক। এটা প্ৰকাণ্ড ঢেঁকীয়াপতীয়া বাঘে পৰ্যটকৰ বাহনৰ সন্মুখত শুই থকাৰ দৃষ্টিনন্দন দৃশ্যই আকৰ্ষিত কৰি তুল
বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানত ক্ৰমাৎ বৃদ্ধি বাঘৰ সংখ্যা


চিৰাং, ১২ এপ্ৰিল (হি.স.)। বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানত ক্ৰমাৎ বৃদ্ধি পাইছে বাঘৰ সংখ্যা। মানাহত বাঘৰ মুক্ত বিচৰণে আমোদ দিছে পৰ্যটকক। এটা প্ৰকাণ্ড ঢেঁকীয়াপতীয়া বাঘে পৰ্যটকৰ বাহনৰ সন্মুখত শুই থকাৰ দৃষ্টিনন্দন দৃশ্যই আকৰ্ষিত কৰি তুলিছে পৰ্যটকক। মানাহৰ বাঁহবাৰী ৰেঞ্জত দেখিবলৈ পোৱা গৈছে উক্ত দৃশ্য।

ট্যুৰিষ্ট গাইড বিকু বিশ্বকৰ্মাৰ কেমেৰাত বন্দী হৈছে উক্ত দৃশ্য।অতি ওচৰৰ পৰা ঢেঁকীয়াপতীয়া বাঘৰ দৃশ্য় প্ৰত্য়ক্ষ কৰি পৰ্যতক সকল শিহৰিত হোৱা বুলি সংবাদ মাধ্য়মক ট্যুৰিষ্ট গাইড গৰাকী অবগত কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande