দেৰগাঁওত বিহু শিল্পী সকলে চলাইছে অনুশীলন
গোলাঘাট, ১২ এপ্ৰিল (হি.স.)। হেপাঁহৰ ৰঙালী এতিয়া অসমীয়াৰ নঙলা মুখত। চাৰিওফালে এতিয়া ঢোল, পেঁপা, গগনাৰ মাত। তাৰ মাজতেই ব্যস্ততাৰ অন্ত নাই শিল্পী সকলৰ। বিহু শিল্পী সকলে চলাইছে অনুশীলন । পূৰ্বৰ বৰ্ষৰ দৰে আগন্তুক ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠানৰ বাবে
দেৰগাঁওত বিহু শিল্পী সকলে চলাইছে অনুশীলন


গোলাঘাট, ১২ এপ্ৰিল (হি.স.)। হেপাঁহৰ ৰঙালী এতিয়া অসমীয়াৰ নঙলা মুখত। চাৰিওফালে এতিয়া ঢোল, পেঁপা, গগনাৰ মাত। তাৰ মাজতেই ব্যস্ততাৰ অন্ত নাই শিল্পী সকলৰ। বিহু শিল্পী সকলে চলাইছে অনুশীলন । পূৰ্বৰ বৰ্ষৰ দৰে আগন্তুক ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠানৰ বাবে ব্যাপক প্ৰস্তুতিৰে অসমৰ আগশাৰীৰ অনুষ্ঠান দেৰগাঁও শান্তি মিলন সাংস্কৃতিক গোষ্ঠীৰ অন্তৰ্গত শান্তি মিলন লোকবাদ্য দলে চলাইছে শেষ অনুশীলন।

প্ৰতিটো জাতি-জনগোষ্ঠীৰ লোক বাদ্য সমূহ সুন্দৰ ভাৱে সজাই পৰাই মঞ্চত অনুষ্ঠান পৰিৱেশনৰ বাবে সাজু হৈছে সাংস্কৃতিক দলটো।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande