শুৱালকুছিত ভয়ংকৰ পথ দুৰ্ঘটনা
শুৱালকুছিত ভয়ংকৰ পথ দুৰ্ঘটনা ।
শুৱালকুছিত ভয়ংকৰ পথ দুৰ্ঘটনা


কামৰূপ, ১২ এপ্ৰিল (হি.স.): বস্ত্ৰ নগৰী শুৱালকুছিত যোৱা কালি শনিবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।এই দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক । লগতে গুৰুতৰ ভাবে আহত হয় আন এজন ।

দুৰ্ঘটনাটোত থিতাতে নিহত হোৱা যুৱক জনৰ নাম অৰ্জুন দাস বুলি জানিব পৰা গৈছে । ইফালে গুৰুতৰ ভাবে আহত যুৱক জন হৈছে অবিনাশ দাস । দুয়োজনৰে ঘৰ বংশৰ বৰবৰী পাহাৰত বুলি জানিব পৰা গৈছে । দুয়ো জনে এএছ ২৫ ডিচি ৪৬৯০ নম্বৰৰ টেম্পো বাহনেৰে আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত খুন্দা মাৰি এই ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয় । ঘটনস্থলীত শুৱালকুছি আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ তদাৰক কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande