
গোৱালপাৰা, ১২ এপ্ৰিল (হি.স.): গোৱালপাৰা জিলাৰ কৃষ্ণাই ৰে'ল ষ্টেচনৰ সমীপত যোৱা কালি শনিবাৰে সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে, এএছ ১৮ এল ৪২৫৮ নম্বৰৰ এখন 'Hyundai Grand i10 Nios Sportz' গাড়ীয়ে এটা কুকুৰ বচাবলৈ গৈ হঠাতে নিয়ন্ত্ৰণ হেৰুৱায় আৰু চাৰি-পাঁচ বাগৰ মাৰি পথৰ পৰা তললৈ খেতিপথাৰত গৈ পৰে।
এই ভয়ংকৰ দুৰ্ঘটনাটোৰ ফলত গাড়ীখনৰ বিস্তৰ ক্ষতিসাধন হয় আৰু ইয়াৰ সন্মুখৰ লগতে ওপৰৰ অংশ সম্পূৰ্ণৰূপে ভাঙি যায়। স্থানীয় প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি, এই ঘটনাত গাড়ীখনত থকা চাৰিগৰাকী লোক গুৰুতৰভাৱে আহত হৈছে। আহত লোকসকলক ইতিমধ্যে উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ