
শিলিগুৰি, ১২ এপ্ৰিল (হি.স.)। পশ্চিম বংগৰ শিলিগুৰিত তৃণমূল কংগ্ৰেছক আক্ৰমণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নিৰ্বাচনৰ পিছত মমতা বেনাৰ্জী চৰকাৰৰ বংগৰ পৰা বিদায় নিশ্চিত। টিএমচিৰ শাসনত পশ্চিম বংগৰ পৰিস্থিতি অৱনতি ঘটিছে, আৰু বছৰ বছৰ ধৰি ইয়াৰ ধ্বংসলীলা ৰাইজে প্ৰত্যক্ষ কৰি আহিছে ।
পশ্চিম বংগ ভ্ৰমণৰ দ্বিতীয় দিনা দেওবাৰে শিলিগুৰিত উপস্থিত হৈ প্ৰধানমন্ত্ৰীয়ে দাৰ্জিলিং জিলাৰ পাঁচখন আসন আৰু জলপাইগুৰি জিলাৰ সাতখন আসনতে বিজেপিৰ প্ৰাৰ্থীৰ বাবে ভোট বিচাৰিছিল ।
তেওঁ অভিযোগ কৰে যে টিএমচি চৰকাৰে মাদ্ৰাছাৰ বাবে ৬ হাজাৰ কোটি টকা ব্যয় কৰিছিল যদিও ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ বাবে একোৱেই কৰা নাছিল। তেওঁ কয় যে ৰাজ্য চৰকাৰে কেৱল নিজৰ ভোট বেংকৰ বাবেহে কাম কৰে । প্ৰধানমন্ত্ৰীয়ে কয় যে টিএমচিৰ শাসনত পশ্চিম বংগৰ পৰিস্থিতি অৱনতি ঘটিছে আৰু বছৰ বছৰ ধৰি ইয়াৰ ধ্বংসলীলা ৰাইজে প্ৰত্যক্ষ কৰি আহিছে। তেওঁ কয় যে ৰাজ্যৰ মমতা বেনাৰ্জী চৰকাৰে ১৫ বছৰৰ হিচাপ দিব লাগিব।
তেওঁৰ ৰোড শ্ব’ৰ কথা উল্লেখ কৰি মোদীয়ে কয় যে ৰাইজে তেওঁক দিয়া মৰম আৰু সমৰ্থন কেতিয়াও পাহৰিব নোৱাৰে। শিলিগুৰিত তেওঁৰ ৰাজহুৱা সভাই টিএমচিৰ চকুৰ টোপনি নোহোৱা কৰিব বুলি দাবী কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া