আশা ভোঁरूলেৰ দ্ৰুত আৰোগ্য কামনা প্ৰধানমন্ত্ৰী মোদীৰ
নতুন দিল্লী, ১২ এপ্ৰিল (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চিকিৎসালয়ত ভৰ্তি হৈ থকা প্ৰখ্যাত গায়িকা আশা ভোছলেৰ স্বাস্থ্যৰ অৱনতি ঘটাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে । লগতে তেওঁৰ আশু আৰোগ্য কামনা কৰিছে । চিকিৎসালয়ত ভৰ্তি হৈ থকা প্ৰখ্যাত গায়িকা আ
प्रधानमंत्री नरेन्द्र मोदी


নতুন দিল্লী, ১২ এপ্ৰিল (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চিকিৎসালয়ত ভৰ্তি হৈ থকা প্ৰখ্যাত গায়িকা আশা ভোছলেৰ স্বাস্থ্যৰ অৱনতি ঘটাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে । লগতে তেওঁৰ আশু আৰোগ্য কামনা কৰিছে ।

চিকিৎসালয়ত ভৰ্তি হৈ থকা প্ৰখ্যাত গায়িকা আশা ভোছলেৰ স্বাস্থ্যৰ অৱনতি ঘটাত গভীৰ উদ্বেগ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে যে আশা ভোছলেৰ চিকিৎসালয়ত ভৰ্তি হোৱাৰ কথা শুনি তেওঁ উদ্বিগ্ন হৈ পৰিছে। তেওঁ লিখিছে যে তেওঁ তেওঁৰ সুস্বাস্থ্য আৰু সোনকালে আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা কৰিছে ।

উল্লেখযোগ্য যে ১৯৩৩ চনৰ ৮ ছেপ্টেম্বৰত মহাৰাষ্ট্ৰৰ সাংগলীত জন্মগ্ৰহণ কৰা ভাৰতীয় সংগীত জগতৰ এগৰাকী কিংবদন্তি প্লেবেক গায়িকা আশা ভোছলে ১৯৪০ চনৰ পৰাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ১৯৪৩ চনত মাৰাঠী ছবি এখনৰ বাবে প্ৰথম গীত গাইছিল।তাৰ পিছত ১৯৪৮ চনত হিন্দী ছবিৰে স্বীকৃতি লাভ কৰিছিল। আশা ভোছলেই হিন্দী, মাৰাঠী, বাংলা, গুজৰাটী, পাঞ্জাবী, তামিল, মালয়ালম, ইংৰাজী, আৰু ৰাছিয়ানকে ধৰি বিভিন্ন ভাষাত ২০ হাজাৰৰো অধিক গীত গাইছে। দাদাচাহেব ফাল্কে বঁটা, পদ্মবিভূষণ, পদ্মভূষণকে ধৰি অসংখ্য ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত হৈছে। ইয়াৰ উপৰিও তেওঁ অসংখ্য ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু ফিল্মফেয়াৰ বঁটাও লাভ কৰিছে।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande