নুমলীগড়ৰ মিঠাৰাম চাপৰিত উৎপাদিত ৰঙালাও বহি ৰাজ্য়লৈ ৰপ্তানি
গোলাঘাট, ১২ এপ্ৰিল (হি.স.)। ৫০০বিঘা মাটিত ৰঙালাও খেতি কৰি লাখ লাখ টকা উপাৰ্জন কৰিছে নুমলীগড়ৰ মিঠাৰাম চাপৰিৰ কৃষক সকলে। ট্ৰাকে ট্ৰাকে ৰঙালাও পঠিয়াইছে বহিঃৰাজ্যলৈ। নুমলীগড়ৰ মিঠাৰাম চাপৰিত বৰ্তমান কৃষক সকলৰ ব্যস্ততাৰ অন্ত নায়। ধনশিৰি নৈৰ কাষত
নুমলীগড়ৰ মিঠাৰাম চাপৰিত উৎপাদিত ৰঙালাও বহি ৰাজ্য়লৈ ৰপ্তানি


গোলাঘাট, ১২ এপ্ৰিল (হি.স.)। ৫০০বিঘা মাটিত ৰঙালাও খেতি কৰি লাখ লাখ টকা উপাৰ্জন কৰিছে নুমলীগড়ৰ মিঠাৰাম চাপৰিৰ কৃষক সকলে। ট্ৰাকে ট্ৰাকে ৰঙালাও পঠিয়াইছে বহিঃৰাজ্যলৈ।

নুমলীগড়ৰ মিঠাৰাম চাপৰিত বৰ্তমান কৃষক সকলৰ ব্যস্ততাৰ অন্ত নায়। ধনশিৰি নৈৰ কাষত চন পৰি থকা মাটিত মিঠাৰাম চাপৰিৰ কৃষক সকলে গঢ়ি তুলিছে কৃষি বিপ্লৱ । নুমলীগড়ৰ শোধনাগাৰে সহায়ৰ হাত আগ বহাইছে মিঠাৰাম চাপৰিৰ কৃষক সকলক। ২৫জন লোকে এক গোট হৈ হিয়াৰিং চেন্টাৰ নামেৰে এক গোট বনাই ধনশিৰি নৈৰ কাষত চন পৰি থকাত মাটিত ৰঙালাও খেতি কৰি ট্ৰাকে ট্ৰাকে পঠিয়াইছে ৰঙালাও বহিঃৰাজ্যলৈ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande