নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ
কাঠমাণ্ডু, ১২ এপ্ৰিল (হি.স.)। নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহে ভাৰত ভ্ৰমণৰ আমন্ত্ৰণ লাভ কৰিছে। বৈদেশিক মন্ত্ৰী শিশিৰ খানালৰ মতে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ শ্বাহে গ্ৰহণ কৰিছে। শ্বাহৰ আগন্তুক ভাৰত ভ্ৰমণৰ সন্দৰ্ভত ভাৰত মহাসাগৰ স
नेपाल के प्रधानमंत्री बालेन्द्र शाह


কাঠমাণ্ডু, ১২ এপ্ৰিল (হি.স.)। নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহে ভাৰত ভ্ৰমণৰ আমন্ত্ৰণ লাভ কৰিছে। বৈদেশিক মন্ত্ৰী শিশিৰ খানালৰ মতে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ শ্বাহে গ্ৰহণ কৰিছে। শ্বাহৰ আগন্তুক ভাৰত ভ্ৰমণৰ সন্দৰ্ভত ভাৰত মহাসাগৰ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ বৰ্তমান মৰিচাছত থকা বৈদেশিক মন্ত্ৰী খানাল আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড0 এছ জয়শংকৰৰ মাজত হোৱা এখন বৈঠকতো আলোচনা কৰা হয় ।

মৰিচাছৰ পৰা নেপালৰ বৈদেশিক মন্ত্ৰী খানালে ফোনযোগে পি. টি. আই.-ক জনায় যে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে এক অভিনন্দনমূলক বাৰ্তাত শ্বাহক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছিল । নেপাল চৰকাৰে আমন্ত্ৰণটো গ্ৰহণ কৰিছে যদিও ভ্ৰমণৰ তাৰিখ এতিয়াও চূড়ান্ত কৰা হোৱা নাই ।

বৰ্তমান দুয়োখন দেশৰ বৈদেশিক মন্ত্ৰালয়ে বালেন্দ্ৰ শ্বাহৰ ভ্ৰমণৰ বাবে প্ৰস্তুতি চলাই আছে । নেপালৰ বৈদেশিক সচিব অমৃত ৰায়ে কয় যে ভাৰত আৰু নেপাল চৰকাৰৰ মাজত আলোচনা এই ভ্ৰমণৰ কার্যসূচীত অব্যাহত আছে । ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসৰ বিষয়াসকলৰ সৈতে নিৰন্তৰ বৈঠক চলি আছে যাতে এই ভ্ৰমণৰ সময়ত হোৱা চুক্তিৰ ওপৰত ঐক্যমতত উপনীত হ’ব পাৰি ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande