নগাঁও জিলাৰ ৰাইডঙীয়াত অকনিৰ মৌমেল
নগাঁও, ১২ এপ্ৰিল (হি.স.)। কণকণ শিশুৰ কলৰবত মুখৰিত হৈ পৰে নগাঁও জিলাৰ ৰাইডঙীয়া। গীত মাত, সুকুমাৰ কলা, অভিনয়, প্ৰজ্ঞা সাধনৰ মাজেৰে কণ কণ শিশু সকল উজলি উঠিল। কোনোৱে যদি গীত গাইছে, কোনোৱাই অভিনয় কৰিছে আৰু কোনোৱে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ, কোনোৱে কক
নগাঁও জিলাৰ ৰাইডঙীয়াত অকনিৰ মৌমেল


নগাঁও, ১২ এপ্ৰিল (হি.স.)। কণকণ শিশুৰ কলৰবত মুখৰিত হৈ পৰে নগাঁও জিলাৰ ৰাইডঙীয়া। গীত মাত, সুকুমাৰ কলা, অভিনয়, প্ৰজ্ঞা সাধনৰ মাজেৰে কণ কণ শিশু সকল উজলি উঠিল। কোনোৱে যদি গীত গাইছে, কোনোৱাই অভিনয় কৰিছে আৰু কোনোৱে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ, কোনোৱে ককা-আইতা আৰু সাধু কথা, কোনোৱে জাতীয় পতাকাৰ কথা, কোনোৱে প্লাষ্টিকৰ অপকাৰিতা, কোনোৱে গছ-গছনিৰ কথা, কোনোৱে বিজ্ঞান আৰু প্ৰযুক্তিৰ লগতে অসমৰ গ্ৰাম্য জীৱন, পিতৃ মাতৃৰ কৰ্তব্য, পুথি অধ্যয়ন, নিয়মানুৱৰ্তিতা, শিশুৰ চৰিত্ৰ গঠন, স্বাস্থ্যৰ যত্ন, প্ৰকৃতি ৰক্ষাৰ বিষয়ৰ বক্তৃতা প্ৰদান কৰি কণমানি বক্তৃাসকলে বহুবোৰ ইতিবাচক বাৰ্তা দিয়ে।

শিশু বক্তিতা ইলিয়ানা কাশ্যপে সাৱলীলভাৱে পৌৰোহিত্য কৰা এই অনন্য সুন্দৰ অকনিৰ মৌ মেল খনৰ উদ্দেশ্য বাখ্যা কৰে বিকাশৰ সম্পাদক শংকৰজ্যোতি শৰ্মাই। অকনিৰ মৌমেল খনত পৰ্যবেক্ষক ৰূপে বিশিষ্ট কবি মনোজ শৰ্মা আৰু বটদ্ৰৱা মহাবিদ্যালয়ৰ অধ্যক্ষা ড° নমিতা কলিতাই আৰু অতিথি ৰূপে শিশু বন্ধু দুলাল বৰা উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande