
ইম্ফল, ১২ এপ্ৰিল (হি.স.)। মণিপুৰ আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ অবিৰত অভিযানৰ ফলত অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ, উগ্ৰপন্থীক গ্ৰেপ্তাৰ, নিচাজাতীয় সামগ্ৰী জব্দ কৰা হৈছে।
দেওবাৰে মণিপুৰ আৰক্ষী মুখ্য কাৰ্যালয়ে জাৰি কৰা এক আনুষ্ঠানিক বিবৃতিত উল্লেখ কৰা হৈছে যে যোৱা ১০ আৰু ১১ এপ্ৰিলত ৰাজ্যজুৰি কেইবাটাও অভিযান চলোৱাৰ ফলত বাংকাৰ ধ্বংস কৰা, অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক জব্দ কৰা, পৃথক পৃথক গোচৰত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয়।
আৰক্ষী মুখ্য কাৰ্যালয়ে জনোৱা মতে, ১১ এপ্ৰিলত উখৰুল জিলাৰ লিটন আৰক্ষী থানাৰ অন্তৰ্গত মংকোট চেপু গাঁৱত ছিকিবুঙত ১৪টা বাংকাৰ আৰু ৭টা বাংকাৰ ধ্বংস হৈছিল। এই স্থানসমূহৰ পৰা এঘাৰটা খালী খোলাও উদ্ধাৰ কৰা হৈছে।
একেধৰণৰ ঘটনাত যোৱা ১০ এপ্ৰিলত বেহিয়াং থানাৰ অন্তৰ্গত হিয়াংটান গাঁৱৰ পৰা চুৰাচান্দপুৰ জিলাৰ ৱেংনুয়াম সিংনাইটৰ দুজন বাসিন্দাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। এইচ কামটুনমুৱাং (৫০) আৰু পৌলিয়ানলাল (৪৯) নামৰ অভিযুক্ত দুজনৰ হাতত গলিত ব্ৰাউন চুগাৰ থকা ৪৫টা প্লাষ্টিকৰ চাবোন ডিচপেন্সাৰ উদ্ধাৰ কৰা হৈছে। লগতে জব্দ কৰে এখন মাৰুতি জিপ্সী, দুটা মোবাইল ফোন, আৰু দুটা বেগ।
১১ এপ্ৰিলত নিৰাপত্তা বাহিনীয়ে টেংগন’পাল জিলাৰ মৰেহ থানাৰ অন্তৰ্গত মাওজাং, লিবুং, গনম, আৰু টি খোনুজাঙৰ সংযোগস্থলৰ পৰা মেগজিন আৰু ১৩টা ইম্প্ৰভাইজড বিস্ফোৰক যন্ত্ৰসহ দুটা ৯ এম এম পিষ্টল উদ্ধাৰ কৰে।
থিতাতে বিস্ফোৰক সামগ্ৰীসমূহ ধ্বংস হয়। লগতে উদ্ধাৰ হৈছে দুটা কম্বেট ইউনিফৰ্ম, এযোৰ জংঘল জোতা, আৰু এটা বেকপেক।
আৰক্ষীয়ে জনোৱা মতে, এই অভিযানসমূহ ৰাজ্যত বিদ্ৰোহ আৰু অবৈধ কাৰ্যকলাপ ৰোধৰ বাবে চলি থকা প্ৰচেষ্টাৰ অংশ।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ