
–চিতলমাৰীত ফাঁচীৰ দাবীৰে উত্তাল প্ৰতিবাদ
কাৰ্বি আংলং, ১২ এপ্ৰিল (হি.স.): কাৰ্বি আংলং জিলাৰ হাওৰাঘাট আৰক্ষী চকীৰ অন্তৰ্গত চিতলমাৰীত সংঘটিত হৈছে এক হৃদয়বিদাৰক ৰহস্যজনক হত্যাকাণ্ডৰ ঘটনা । নিজৰ নৱজাত সন্তানক হত্যা কৰিলে মাতৃয়ে। মাত্ৰ ৮ দিনীয়া নিষ্পাপ সন্তানক হত্যা কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী মাতৃ চুমি নাথ (২৬)ক । চিতলমাৰীৰ বাসিন্দা পিংকু নাথৰ পত্নী চুমিয়ে বিধানসভা নিৰ্বাচনৰ নিশা এই জঘন্য কাণ্ড সংঘটিত কৰিছিল ।
আৰক্ষীৰ জেৰাত পাষণ্ড মাতৃগৰাকীয়ে ইতিমধ্যে নিজৰ অপৰাধ স্বীকাৰ কৰিছে । এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । শ শ পুৰুষ-মহিলাই ৰাজপথলৈ ওলাই আহি হত্যাকাৰী মাতৃগৰাকীৰ ফাঁচীৰ দাবী জনায় । প্ৰতিবাদকাৰী ৰাইজে ৮ দিনীয়া দেৱশিশুটিয়ে যাতে শান্তি পায়, তাৰ বাবে যোৱা কালি শনিবাৰে সন্ধিয়া ১ মিনিট সময় মৌন প্ৰাৰ্থনাও কৰে । এগৰাকী মাতৃয়ে কিয় ইমান জঘন্য কাণ্ড কৰিলে তাৰ ৰহস্য এতিয়াও ঘন হৈ আছে । হাওৰাঘাট আৰক্ষীয়ে ঘটনাৰ অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ