
গোলাঘাট, ১২ এপ্ৰিল (হি স)। ৰাজ্যজুৰি এতিয়া ৰঙালী বিহুৰ উখল-মাখল পৰিৱেশ । ঢোল, পেঁপা আৰু গগণাৰ মাতত ৰজনজনাই উঠিছে ৰাজ্যৰ চৌদিশ । সোমবাৰে উৰুকা আৰু মঙলবাৰে গৰু বিহুৰে অসমীয়াই আদৰিব হেঁপাহৰ ৰঙালী বিহুটিক ৷ ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতিৰ অংশ হিচাপে লখিমপুৰ কেন্দ্রীয় ৰঙালী বিহু সন্মিলন সমিতিৰ উদ্যোগত বিহু কৰ্মশালাৰ আয়োজন কৰা হৈছিল । দেওবাৰে সমাপ্ত হোৱা উক্ত কৰ্মশালাত অংশগ্রহণকাৰীসকলক মান পত্ৰ প্ৰদান কৰা হয় ।
ৰাজ্যৰ অন্যান প্ৰান্তৰ দৰে লখিমপুৰটো কেন্দ্রীয় ৰঙালী বিহু সন্মিলনি সমিতিয়ে চলাইছে ব্যপক প্ৰস্তুতি ৷ ২৮ এপ্ৰিলৰ পৰা পাঁচদিনীয়াকৈ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এই সন্মিলনখন অনুষ্ঠিত হ'ব । প্ৰতি বছৰৰৰ দৰে এইবাৰো সন্মিলনৰ তৰফৰ পৰা নগৰৰ সমীপৰ পাঁচ নৈ অঞ্চলত স্থানীয় ৰাইজৰ সহযোগত গৰু বিহু উদাপন কৰা হ'ব ।
লখিমপুৰৰ অন্যতম গৌৰৱ তথা চিনাকি লখিমপুৰ কেন্দ্রীয় ৰঙালী বিহু সন্মিলন । প্ৰতিবছৰে ব্যতিক্রমী কাৰ্যসূচীৰে লখিমপুৰ ৰঙালী বিহু সন্মিলনে সময় বলুকাত ঐতিহ্য খোদিত কৰি আহিছে । এইবাৰ ৬৮ সংখ্যক ৰঙালী বিহু সন্মিলনৰ বাবে সাজু হৈছে ৷
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া