ৰঙালীৰ প্ৰাকমুহূৰ্তত খুমটাইৰ যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত একাংশ মহিলাৰ বিহুক আদৰাৰ পূৰ্ণ প্ৰস্তুতি
ডিব্ৰুগড়, ১২ এপ্ৰিল (হি.স.)। নঙলা মুখত বাপতি সাহোন ৰঙালী বিহু । সাতখন আঠখন প্ৰতিজন অসমীয়াৰ মন । ৰঙালীক আদৰিবলৈ সাজু হৈ পৰিছে অসমৰ বিহু বলীয়া ৰাইজ । ৰঙালীৰ প্ৰাকমুহূৰ্তত খুমটাইৰ যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত দেখা গ''ল এক নান্দনিক দৃশ্য । য''
ৰঙালীৰ প্ৰাকমুহূৰ্তত খুমটাইৰ যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত একাংশ মহিলাৰ বিহুক আদৰাৰ পূৰ্ণ প্ৰস্তুতি


ডিব্ৰুগড়, ১২ এপ্ৰিল (হি.স.)। নঙলা মুখত বাপতি সাহোন ৰঙালী বিহু । সাতখন আঠখন প্ৰতিজন অসমীয়াৰ মন । ৰঙালীক আদৰিবলৈ সাজু হৈ পৰিছে অসমৰ বিহু বলীয়া ৰাইজ । ৰঙালীৰ প্ৰাকমুহূৰ্তত খুমটাইৰ যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত দেখা গ'ল এক নান্দনিক দৃশ্য । য'ত প্ৰতিফলিত হ'ল গ্ৰাম্য সমাজৰ এখন অপূৰ্ব ছবি । যোগীবাৰীত কেই গৰাকীমান উদ্যমী মহিলাই বিহুক আদৰিবলৈ চলাইছে পূৰ্ণ প্ৰস্তুতি ।

কোনোৱে যদি তাঁত শালত আদৰৰ বিহুৱান বৈছে , কোনোৱে আকৌ ৰিহা , আনফালে কোনোৱে ঢেঁকীত পিঠাগুড়ি খুন্দাৰ কামত ব্যস্ত , আন দুগৰাকী মহিলাই আখলত পিঠা-পনা , লাড়ু আদি প্ৰস্তুত কৰাৰ কামত ব্যস্ত হৈ পৰা দেখা গৈছে । ৰঙালীৰ আনন্দত বিভোৰ মহিলা কেইগৰাকীয়ে বিহু নাচি একলগে ৰঙালীৰ বতৰা দিয়াও দেখা গ'ল । সঁচা অৰ্থত যোগীবাৰীত দেখা গ'ল গ্ৰাম্য সমাজত হেৰাই যাব ধৰা এখন দুৰ্লভ ছবি ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande