
নগাঁও, ১২ এপ্ৰিল (হি.স.)। দৰিদ্ৰতা আৰু দৃষ্টিহীনতা যে শিক্ষা গ্ৰহণত হেঙাৰ হ'ব নোৱাৰে তাৰ জলন্ত উদাহৰণ দাঙি ধৰিলে লংকাৰ বামুণগাঁৱৰ কামেশ্বৰ বৰাই। নগাঁও বঢ়মপুৰৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা কামেশ্বৰ বৰাই সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৬৯.১৬ % ৰে উৰ্ত্তীণ হৈ লংকাকে ধৰি হোজাই জিলা খনলৈ গৌৰৱ কঢ়িয়াই আনিছে।
সৰু কালতেই পিতৃক হেৰুৱাই,৫ বছৰ বয়সত বসন্ত হৈ দুয়োটা চকুৰ দৃষ্টিশক্তি হেৰুৱা আৰু যোৱা প্ৰায় ১ বছৰ পূৰ্বে নিজ মাতৃক হেৰুৱা কামেশ্বৰ বৰাৰ উক্ত সফলতাত উৎফুল্লিত বামুনগাঁওবাসী ৰাইজ । উক্ত সফলতাত কামেশ্বৰে নিজৰ বিদ্যালয় খনৰ প্ৰধান শিক্ষয়িত্ৰী গৰাকীৰ লগতে আন শিক্ষক সমাজক ধন্যবাদ জ্ঞাপন কৰে।।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা