হাইস্কুল শিক্ষান্ত পৰীক্ষাত বড়ো মাধ্যমৰ পৰা শীৰ্ষ দহটা স্থান দখল কৰা ১৪ গৰাকী শিক্ষাৰ্থীলৈ এবছুৰ কমল কুমাৰ ব্ৰহ্ম বঁটা ঘোষণা
কোকৰাঝাৰ, ১২ এপ্ৰিল (হি.স.)। সদ্য় ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বড়ো মাধ্যমৰ পৰা শীৰ্ষ দহটা স্থান দখল কৰা ১৪ গৰাকী শিক্ষাৰ্থীলৈ এবছুৰ কমল কুমাৰ ব্ৰহ্ম বঁটা ঘোষণা। এবছুৱে বাছনি কৰা বড়ো মাধ্যমৰ শীৰ্ষ দহটা স্থান প্ৰাপ্ত শিক্ষাৰ্থী ১৪ গৰাকী হল ক্ৰ
হাইস্কুল শিক্ষান্ত পৰীক্ষাত বড়ো মাধ্যমৰ পৰা শীৰ্ষ দহটা স্থান দখল কৰা ১৪ গৰাকী শিক্ষাৰ্থীলৈ এবছুৰ কমল কুমাৰ ব্ৰহ্ম বঁটা ঘোষণা


কোকৰাঝাৰ, ১২ এপ্ৰিল (হি.স.)। সদ্য় ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বড়ো মাধ্যমৰ পৰা শীৰ্ষ দহটা স্থান দখল কৰা ১৪ গৰাকী শিক্ষাৰ্থীলৈ এবছুৰ কমল কুমাৰ ব্ৰহ্ম বঁটা ঘোষণা।

এবছুৱে বাছনি কৰা বড়ো মাধ্যমৰ শীৰ্ষ দহটা স্থান প্ৰাপ্ত শিক্ষাৰ্থী ১৪ গৰাকী হল ক্ৰমে প্ৰথম স্থানত চিৰাং জিলাৰ সৌমছাৰ বসুমতাৰী (৮৯ শতাংশ ) , দ্বিতীয় স্থানত বাগছাৰ সংগিতা বসুমতাৰী (৮৮.৮৩ শতাংশ ), তৃতীয় স্থানত কোকৰাঝাৰৰ দাওগাছাৰ নাৰ্জাৰী (৮৮.৬৭ শতাংশ), চতুৰ্থ স্থানত ৮৮.৩৩ শতাংশ প্ৰাপ্ত দুজন ক্ৰমে - চিৰাং জিলাৰ দীপাৰানী বসুমতাৰী আৰু সৌৰাংগছা বসুমতাৰী, পঞ্চম স্থানত ৮৮.১৭ শতাংশ প্ৰাপ্ত দুজন ক্ৰমে - ওদালগুৰীৰ সুজমা মুছাহাৰী আৰু বিশ্বনাথৰ উৎপল বসুমতাৰী , ষষ্ঠ স্থানত কোকৰাঝাৰৰ কেনি ব্ৰহ্ম (৮৮ শতাংশ ), সপ্তম স্থানত ৮৭.৮৩ শতাংশ প্ৰাপ্ত দুজন ক্ৰমে - ওদালগুৰীৰ দীপান্বিতা বসুমতাৰী আৰু চিৰাঙৰ স্বৰ্নলতা নাৰ্জাৰী ৷ অষ্টম স্থানত বাগসাৰ অমিছা বসুমতাৰী (৮৭.৬৭ শতাংশ), নৱম স্থানত বাগচাৰ বিনীতা ৰানী ব্ৰহ্ম(৮৭.৫ শতাংশ ) আৰু দশম স্থানত বাগসাৰ দুগৰাকী ক্ৰমে- ওমপ্ৰকাশ মুছাহাৰী আৰু সৌৰজি বড়ো ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande