জাগীৰোডত সংঘটিত পথ দুৰ্ঘটনাত আহত ২৪ গৰাকী যাত্ৰী
মৰিগাও, ১২ এপ্ৰিল (হি.স.)। জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ সমীপত সংঘটিত পথ দুৰ্ঘটনাত দুৰ্ঘটনাগ্ৰস্থ ট্ৰেভেলাৰ ৷ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভুল দিশেৰে অহা ট্ৰাকত প্ৰচণ্ড খুন্দা ট্ৰেভেলাৰৰ ৷ গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখী এএছ ০১কেচি ৫৪১৯ নম্বৰৰ ট্ৰেভেলাৰ খ
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ সমীপত পথ দুৰ্ঘটনা


মৰিগাও, ১২ এপ্ৰিল (হি.স.)। জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ সমীপত সংঘটিত পথ দুৰ্ঘটনাত দুৰ্ঘটনাগ্ৰস্থ ট্ৰেভেলাৰ ৷ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভুল দিশেৰে অহা ট্ৰাকত প্ৰচণ্ড খুন্দা ট্ৰেভেলাৰৰ ৷ গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখী এএছ ০১কেচি ৫৪১৯ নম্বৰৰ ট্ৰেভেলাৰ খনত আছিল প্ৰায় ২৪ গৰাকী যাত্ৰী ৷ দুৰ্ঘটনাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় যাত্ৰী সকলৰ মাজত ৷

দুৰ্ঘটনাত সকলো যাত্ৰীয়ে কমবেছি পৰিমানে আহত হয় যদিও গুৰুতৰভাৱে আহত কেইবা জনো যাত্ৰীক জিএমচিএইছ লৈ প্ৰেৰণ কৰে চিকিৎসকে ৷ ইফালে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনে পলায়ন কৰে ঘটনাস্থলীৰ পৰা ৷ ঘটনাস্থলীত জাগীৰোড আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে দুৰ্ঘটনাগ্ৰস্ত ট্ৰেভেলাৰ খন ৷

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande