
নতুন দিল্লী, ১২ এপ্ৰিল (হি.স.)। দিল্লী কেপিটেলছৰ বেটছমেন নীতিশ ৰাণাক আম্পায়াৰৰ সৈতে হোৱা তৰ্ক–বিতৰ্কৰ বাবে শাস্তি প্ৰদান কৰা হৈছে। মেচ মাচুলৰ ২৫ শতাংশ জৰিমনা বিহা হোৱাৰ লগতে ডিমেৰিট পইণ্টো লাভ কৰিছে।
চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলখনৰ ১৯ অভাৰৰ সময়ত ডিচিৰ খেলুৱৈ ট্ৰিষ্টান ষ্টাবছক অভাৰৰ মাজত গ্ল’ভছ সলনি কৰিবলৈ দিয়া হোৱা নাছিল। একেটা অভাৰতে ষ্টাবছেও উইকেট হেৰুৱাইছিল। চতুৰ্থ আম্পায়াৰৰ সৈতে তৰ্ক-বিতৰ্ক কৰি থকা দেখা গ’ল ক্ষুব্ধ নীতিশক। প্ৰথম তিনিখন মেচত ১৫, ০, আৰু ৫ ৰান সংগ্ৰহ কৰি চি এছ কেৰ বিৰুদ্ধে খেলা একাদশৰ পৰা বাহিৰ হোৱা ৰানা দলৰ ডাগআউটত উপস্থিত আছিল। ১৯ অভাৰৰ আৰম্ভণিতে ডিচিক দুটা অভাৰৰ পৰা ৩২ ৰানৰ প্ৰয়োজন হৈছিল আৰু ষ্টাবছে তেওঁলোকৰ একমাত্ৰ আশা আছিল, ৩৬ বলত অপৰাজিত হৈ ৬০ ৰান সংগ্ৰহ কৰিছিল। তেওঁৰ আউট হোৱাৰ পিছত ডিচি ২৩ ৰানত পৰাস্ত হয়।
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ এক বিবৃতি অনুসৰি আই পি এলৰ খেলুৱৈ আচৰণ বিধিৰ লেভেল ১ উলংঘা কৰাৰ বাবে নীতিশ ৰাণাক মেচ মাচুলৰ ২৫ শতাংশ জৰিমনা বিহা হোৱাৰ লগতে এটা ডিমেৰিট পইণ্টো দিয়া হৈছে। ৰাণাই আই পি এলৰ আচৰণ বিধিৰ ২.৩ অনুচ্ছেদ উলংঘা কৰা বুলি ধৰা পৰে, যিটো “মেচৰ সময়ত উচ্চস্বৰে আৰু গালি-গালাজ কৰা ভাষা ব্যৱহাৰ কৰা”ৰ সৈতে জড়িত। ৰাণাই নিজৰ ভুল স্বীকাৰ কৰি মেচ ৰেফাৰীয়ে দিয়া অনুমোদন মানি লৈছিল।
খোদ খেলখনৰ সন্দৰ্ভত এম.এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আই পি এল ২০২৬ৰ ১৮ সংখ্যক মেচত চেন্নাইৰ হাতত ২৩ ৰানত পৰাস্ত হয় দিল্লী। প্ৰথমে বেটিং কৰি চি এছ কেয়ে ২০ অভাৰত দুটা উইকেটত ২১২ ৰান সংগ্ৰহ কৰে। সঞ্জু চেমছনে অপৰাজিত ১১৫ ৰান সংগ্ৰহ কৰি দলটোক নেতৃত্ব দিয়ে।যুৱ বেটছমেন আয়ুষ ম্হাত্ৰেই ৫৯ ৰান সংযোজন কৰাৰ বিপৰীতে শিৱম ডুবেই দ্ৰুত অপৰাজিত ২০ ৰান সংগ্ৰহ কৰি দলটোক শক্তিশালী স্থানত ৰাখিলে।
২১৩ ৰানৰ লক্ষ্যৰ খেদি খেদি দিল্লী কেপিটেলছ ২০ অভাৰত ১৮৯ ৰান সংগ্ৰহ কৰি অল আউট হয়। ট্ৰিষ্টান ষ্টাবছে ৬০ ৰান, পাথুম নিছাংকাই ৪১ ৰান, আশুতোষ শৰ্মাই ১৯ ৰান, কে এল ৰাহুলে ১৮ ৰান, ডেভিদ মিলাৰে ১৭ ৰান সংগ্ৰহ কৰে। আন বেটছমেনসকলে ডাঙৰ স্কৰ কৰিব নোৱাৰিলে।
দিল্লী কেপিটেলছৰ পৰৱৰ্তী মেচ হ’ব ১৮ এপ্ৰিলত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বিৰুদ্ধে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া