
চেন্নাই, ১২ এপ্ৰিল (হি.স.)। অৱশেষত আই পি এল ২০২৬ত চেন্নাই ছুপাৰ কিংছে একাউণ্ট খুলিলে। চেপাক ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত চেন্নাইয়ে দিল্লী কেপিটেলছক ২৩ ৰানত পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ প্ৰথমটো জয় পঞ্জীয়ন কৰে। এই জয় অধিনায়ক ৰুতুৰাজ গাইকোৱাদৰ বাবেও আছিল অতি বিশেষ, কিয়নো তেওঁ একেৰাহে তিনিবাৰকৈ পৰাজয়ৰ পিছত প্ৰথম সফলতা লাভ কৰিছিল।
প্ৰথমে বেটিং কৰি চেন্নাইয়ে ২০ অভাৰত মুঠ ২১২ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ অগ্ৰণী ইনিংছ খেলি সঞ্জু চেমছনে অপৰাজিত ১১৫ ৰান সংগ্ৰহ কৰি মেচখনৰ গতি নিৰ্ধাৰণ কৰে। যুৱ বেটছমেন আয়ুষ ম্হাত্ৰেই ৫৯ ৰান সংযোজন কৰাৰ বিপৰীতে শিৱম ডুবেই দ্ৰুত ২০ ৰান সংগ্ৰহ কৰি দলটোক শক্তিশালী স্থানত ৰাখিলে।
২১২ ৰানৰ লক্ষ্য খেদি দি দিল্লীয়ে শক্তিশালী আৰম্ভণি কৰে। পাথুম নিছাংকাই আগ্ৰাসী পন্থা প্ৰদৰ্শন কৰি ২৪টা বলত ৪১ ৰান সংগ্ৰহ কৰাৰ লগতে কে এল ৰাহুলৰ সৈতে প্ৰথম পাঁচ অভাৰত ৬১ ৰান সংযোজন কৰে।
অৱশ্যে তাৰ পাছত চেন্নাইৰ বলাৰসকলে এক উজ্জ্বল প্ৰত্যাৱৰ্তন কৰি ৰানৰ ক্ষেত্ৰত দিল্লীৰ চাৰিটা উইকেট দখল কৰি মেচখনৰ গতি সলনি কৰি পেলায়। মিডল অৰ্ডাৰত থকা ট্ৰিষ্টান ষ্টাবছে যথেষ্ট কষ্ট কৰি ৬০ ৰানৰ অৰ্ধশতক অৰ্জন কৰিছিল যদিও দলটোক জয়ৰ দিশে আগবঢ়াই নিব নোৱাৰিলে।
বলিংত জেমী অভাৰটনে ৪টা উইকেটৰে বিজয়ী দলৰ তাৰকা হৈ পৰে। ইয়াৰ বিপৰীতে অংশুল কাম্বোজে ৩টা উইকেট দখল কৰে। অভাৰটনে ষ্টাবছক গুৰুত্বপূৰ্ণ আউট কৰাটোৱেই মেচখনৰ টাৰ্নিং পইণ্ট হিচাপে প্ৰমাণিত হয়।
এই জয়ৰ জৰিয়তে চেন্নাইয়ে নিজৰ পইন্ট তালিকাত দুটা গুৰুত্বপূৰ্ণ পইণ্ট সংযোজন কৰি প্ৰতিযোগিতাখনত পুনৰ উভতি অহাৰ সংকেত দিয়ে।
हिन्दुस्थान समाचार / অৰৱিন্দ