
বৰপেটা, ১২ এপ্ৰিল (হি.স.)। বৰপেটা সমষ্টিৰ অন্তৰ্গত বাৰাকাহিত সংঘটিত ভয়াবহ অগ্নিকাণ্ড। পুৱতি নিশা এটা পৰিয়ালত সংঘটিত হয় ভয়াবহ অগ্নিকাণ্ড। গোহালীৰ গৰু ছাগলী গোহালীতে অগ্নিদগ্ধ হৈ মৃত্য়ু মুখত পৰে। সাচতীয়া নগদ ধন পুৰি চাই হৈ গল। গৃহস্থৰ দুখে কুলাই পাচিয়ে নধৰা অৱস্থা।অগ্নিকাণ্ডত সকলো হেৰুৱা পৰিয়ালটোৰ কাৰণে ৰাইজে সজাই আছে এটা ঘৰ।
ভুক্তভোগী নৃপেন ভৰালীৰ পৰিয়ালৰ সকলো ধন সম্পত্তি অগ্নিকাণ্ডত ভস্মীভূত হৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা