কাৰ্বি আংলঙৰ মাঞ্জা বজাৰত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা
কাৰ্বি আংলঙৰ মাঞ্জা বজাৰত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড।
কাৰ্বি আংলঙৰ মাঞ্জা বজাৰত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা


কাৰ্বি আংলং, ১২ এপ্ৰিল (হি.স.): কাৰ্বি আংলঙৰ মাঞ্জা বজাৰত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। যোৱা কালি শনিবাৰে মাজনিশা সংঘটিত হোৱা এই অগ্নিকাণ্ডত ৯ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে জাহ যায়।

মাঞ্জা থানৰ সমীপত সংঘটিত অগ্নিকাণ্ডৰ কাৰণ সঠিক ভাবে জানিব পৰা নাই। অগ্নিকাণ্ডত কোনো আহত খবৰ নাই যদিও অগ্নি নিবাৰণ কৰিবলৈ ৩খনকৈ অগ্নি নিৰ্বাহক বাহন ব্যৱহাৰ হৈছে। অগ্নিকাণ্ডত ৯খন ব্যৱসায় প্ৰতিষ্ঠানৰ বয়-বস্তু সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাত লক্ষাধিক টকাৰ মূল্য ক্ষতিগ্রস্ত বুলি জানিব পৰা গৈছে। আনফালে মাঞ্জাত এটি অগ্নিনিৰ্বাপক কেন্দ্ৰৰ ব্যৱস্থা কৰাৰ বাবে ক্ষোভিত ৰাইজে দাবী কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande