
নগাঁও, ১২ এপ্ৰিল (হি.স.): নগাঁও জিলাৰ ধিঙৰ উধানতলাত যোৱা কালি শনিবাৰে আবেলি ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হয়। দুটা ফৈদৰ চোকা অস্ত্রৰে কৰা আক্ৰমণত আঘাটপ্ৰাপ্ত হয় পুৰুষ মহিলা সহ কেইবাজনো লোক ।
আঘাতপ্ৰাপ্ত কেইগৰাকী ক্ৰমে মফিজ উদ্দিন, হাৰুণ ৰছিদ, মামন ৰছিদ, মালেকা খাতুন আৰু নাজিৰা খাতুন বুলি জানিব পৰা গৈছে । আঘাতপ্ৰাপ্ত আটাইকে ধিং এফ আৰ ইউত ভৰ্তি কৰোৱা হৈছে । এই ঘটনা সন্দৰ্ভত ডুমডুমীয়া আৰক্ষী পহৰা চকীত পৃথকে পৃথকে দুই পক্ষই এজাহাৰ দাখিল কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ