
মাজুলী, ১২ এপ্ৰিল (হি.স.): মাজুলীত যোৱাকালি শনিবাৰে বিয়লি এক শোকাৱহ ঘটনা সংঘটিত হৈছে নদীত গা-ধুবলৈ গৈ নিৰুদ্দেশ হৈ পৰে এগৰাকী কিশোৰী । মাজুলী দফলাকটাত লগৰ ছোৱালীৰ সৈতে গা-ধুবলৈ যাওতে পানীৰ তললৈ সোমাই যায় কিশোৰী গাৰকী।
গা-ধুবলৈ গৈ নিৰুদ্দেশ হৈ পৰা ছোৱালী জনীৰ ঘৰ লক্ষিমপুৰ জিলাৰ তামাৰ গাৱঁত বুলি জানিব পৰা গৈছে । কিশোৰী গৰাকী নাম অঞ্জাল দলে (১২) আৰু সপ্তম শ্ৰেণীত অধ্যয়ন কৰি আছিল । বৰ্তমানলৈকে কিশোৰীগৰাকীৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ